বিশ্বৰ দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অভিলেখ গঢ়ি গিলখ্ৰীষ্টক স্পৰ্শ কৰিলে ঋষভ পন্টে

rishabh pant century 3

ভাৰতৰ বাওঁহতীয়া উইকেটকীপাৰ বেটছমেন ঋষভ পন্টে তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতেই ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী প্ৰতিপক্ষৰ বিৰুদ্ধে বিশ্বৰ আগশাৰীৰ বলিঙৰ সন্মুখীন হৈ ঘৰুৱা খেলপথাৰত দুটাকৈ অনবদ্য শতৰাণ কৰিছিল।

কিন্তু ইয়াৰ পাছত তেওঁ বেয়া প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলৰ পৰা বাদ পৰিবলগীয়াও হৈছিল। পিচে, কঠোৰ অনুশীলনৰ মাজেৰে নিজকে পুনৰ প্ৰস্তুত কৰি তোলে পন্টে।

ইয়াৰ পাছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁলোকৰ মাটিত মেলব’ৰ্ণৰ দ্বিতীয়খন টেষ্টত দললৈ ঘুৰি আহে পন্ট। তাৰ পাছত আৰু উভতি চাবলগীয়া হোৱা নাই ঋষভে।

এখনৰ পাছত আন এখন মেচত দলক তেওঁ হয় মেচ বচোৱা ইনিংছ, নহয়তো মেচ জিকোৱা ইনিংছ উপহাৰ দিছে।

ঋষভে দেশৰ মাটিত এবাৰ এবাৰকৈ তিনিবাৰ ৯০ ৰাণৰ ঘৰত আউট হয়। অলপমানৰ বাবে সুযোগ হেৰুৱাইছিল শতৰাণৰ। কিন্তু ৰুট বাহিনীৰ বিৰুদ্ধে চলিত শৃংখলাত আহমেদাবাদৰ চতুৰ্থখন টেষ্টত ঋষভে প্ৰত্যাবৰ্তন ঘটায়।

১১৮ টা বলত ১০১  ৰাণৰ এক অনবদ্য ইনিংছ খেলি দলক মজবুত স্থিতিলৈ লৈ আনে। ১৩টা চাৰি আৰু ২টা ছয়ৰে সজোৱা ঋষভৰ ইনিংছটো আছিল তেওঁৰ ঘৰুৱা মাটিত কৰা প্ৰথমটো শতৰাণ।

এই শতৰাম কৰিয়েই বিশ্ব ক্ৰিকেট ইতিহাসত এক অনন্য অবিলেখ গঢ়ে পন্টে। স্পৰ্শ কৰে কিংবদন্তি অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰ  এডাম গিলখ্ৰীষ্টৰ অভিলেখ।

গিলখ্ৰীষ্টৰ পাছত দ্বিতীয় গৰাকী উইকেটকীপাৰ হিচাপে অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ভাৰতৰ মাটিত শতৰাণ কৰাৰ কৃতিত্ব অৰ্জন কৰে ঋষভ পন্টে।