NORTHEAST NOW (Assamese)

নদীদ্বীপ মাজুলীলৈ চলিব ৰে’ল! জৰীপ চলিছে দুটাকৈ ৰে’লপথৰ

June 24, 2019 9:29 am · এন ই নাও নিউজ
Updated: June 24, 2019 9:33 am
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইন্টাৰনেট

পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীলৈ অদূৰ ভবিষ্যতে হ’ব পাৰে ৰে’ল সংযোগ। ইতিমধ্যে ভাৰতীয় ৰে’লৱে মাজুলীলৈ ৰে’ল চলাচল সন্দৰ্ভত জৰীপৰ কাম আৰম্ভ কৰিছে। ৰে’লৱে ব’ৰ্ডৰ সদস্য মুকেশ কুমাৰে প্ৰকাশ কৰা অনুসৰি মাজুলীলৈ প্রাথমিকভাৱে দুটা ৰে’লপথৰ প্ৰস্তাৱ হাতত লোৱা হৈছে।

উৎস-ইণ্টাৰনেট

প্ৰস্তাৱিত পথ দুটা হ’ল হাৰমতীৰ পৰা বিহপুৰীয়া হৈ মাজুলী আৰু আনটো হ’ল গোগামুখ-ঢকুৱাখানা-কমলাবীৰ-গড়মুৰ হৈ যোৰহাট।

দুয়োটা পথৰ জৰীপৰ কামৰ বাবে ২০১৭-২০১৮ আৰু ২০১৬-২০১৭ চনৰ বিত্তীয় বৰ্ষৰ বিত্তীয় বাজেটতে ধন অনুমোদন জনোৱা হৈছিল। পথ দুটাৰ জৰীপৰ প্ৰতিবেদন লাভ কৰাৰ পাছত ৰে’লৱে ব’ৰ্ডে সকলো দিশ পৰ্যালোচনা কৰি ৰে’লপথ নিৰ্মাণৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব বুলি মুকেশ কুমাৰে মত প্ৰকাশ কৰে বুলি অসমীয়া দৈনিক জনমভূমি বাতৰি কাকতত খবৰ প্ৰকাশ পাইছে।

উৎস-ইণ্টাৰনেট

উল্লেখযোগ্য যে, মাজুলীলৈ ইতিমধ্যে চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে দলং নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নদীদ্বীপটোলৈ ৰে’ল সংযোগ সম্ভৱ হৈ উঠিলে নদীদ্বীপ জিলাখনৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত সন্মুখিন হৈ অহা দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্তি লাভ কৰিব বুলি আশা কৰা হৈছে।

Related News