ৰিয়ানে মুস্তাক আলীৰ ৮ খন মেচত যিমান ছয় মাৰিছে, IPLৰ ১৭ খন মেচ খেলিও কোনেও পৰা নাছিল

চলি থকা চৈয়দ মুস্তাক আলী ট্ৰফীত বেটে-বলে দুৰ্দান্ত ফৰ্মত আছে ৰিয়ান পৰাগ। বিশেষকৈ বেটেৰে তেওঁ বিধ্বংসী প্ৰদৰ্শন আগবঢ়াইছে। প্ৰতিযোগিতাখনত ৰিয়ানে একেৰাহে ৭টা ব্যক্তিগত অৰ্দ্ধশতক কৰিছে যিটো বিশ্ব অভিলেখ। বৰ্তমানলৈকে একেৰাহে ৭ খন টী ২০ মেচত কোনেও অৰ্ধশতক অৰ্জন কৰা নাই।

ৰিয়ান পৰাগে ৮খন খেলত গড়ে ১২২.৫০ ৰান কৰি প্ৰতিযোগিতাখনত সৰ্বোচ্চ ৪৯০ ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে তেওঁ প্ৰতিখন মেচতে প্ৰচুৰ ছয় মাৰিছে।

বৰ্তমানলৈকে চলি থকা চৈয়দ মুস্তাক আলী ট্ৰফীৰ ৮খন মেচত সৰ্বাধিক ৩৯টা ছয় মাৰিছে ৰিয়ানে। অৰ্থাৎ প্ৰতিখন মেচতে গড়ে ৫টাকৈ ছয় মাৰিছে। আই পি এলৰ যোৱা ১৭খন মেচত বেটিং কৰিও কোনেও ইমান ছয় মাৰিব পৰা নাছিল।

২০২৩ চনৰ আই পি এলৰ ১৪খন মেচত সৰ্বাধিক ৩৬টা ছয় কোবাইছিল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ ফাফ ডু প্লেছিছে। ৰিয়ানে মুস্তাক আলী ট্ৰফীত  মাত্ৰ ৮খন মেচতে ডু প্লেছিছতকৈ ৩টা বেছি ছয় মাৰিছে।

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ আই পি এলত খেলা অভিষেক শৰ্মাই পঞ্জাৱৰ হৈ ৭খন খেলত চৈয়দ মুস্তাক আলীৰ দ্বিতীয় সৰ্বাধিক ৩২ টা ছয় মাৰে।

উল্লেখ্য যে অসমৰ ৰিয়ান পৰাগে চলিত চৈয়দ মুস্তাক আলী ট্ৰফীৰ ৮খন খেলত ১১টা উইকেটো দখল কৰিছে।