ৰঞ্জী ট্ৰফীত কেৰিয়াৰৰ প্ৰথমটো শতৰান অৰ্জন ৰিয়ান পৰাগৰ

Riyan-Parag

ৰিয়ান পৰাগ, উৎস-ইণ্টাৰনেট

ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত দৰ্শনীয় শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগে।

অসম আৰু উত্তৰাখণ্ডৰ মাজত আজিৰে পৰা অনুষ্ঠিত হোৱা খেল খনত ৰিয়ানে ৰঞ্জী ট্ৰফীত নিজৰ প্ৰথমটো শতকীয় ইনিংছ খেলে।

উত্তৰাখণ্ডৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত চাৰিদিনীয়া খেলখনত অসমে টছত জয়ী হৈ প্রথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দলৰ দুই অপেনাৰ ঋষভ দাস আৰু ৰাহুল হাজৰিকাই মাত্ৰ ২১ আৰু ১১ ৰান সংগ্ৰহ কৰি বিদায় লোৱাৰ পাছত বৰ্ষীয়ান শিৱশংকৰ ৰয়েও মাত্ৰ ৫ ৰানতে পেভিলিয়ানলৈ উভতি আহে। সেই সময়ত দলৰ স্থিতি চম্ভালিবলৈ অধিনায়ক গকুল শৰ্মাৰ সৈতে ক্ৰিজত নামে ৰিয়ান পৰাগ।

উত্তৰাখণ্ডৰ বলিং আক্ৰমণৰ বিৰুদ্ধে সাৱলীলভাৱে খেলি ৰিয়ানে প্ৰথম শ্ৰেণীৰ কেৰিয়াৰৰ প্ৰথমটো শতৰান অৰ্জন কৰে য’ত আছিল দহটা চাৰি আৰু দুটা ছয়।

ৰিয়ান পৰাগে বিগত আই পি এলতো ৰাজস্থান ৰোয়েলছৰ হৈ অংশ লৈ বেটে-বলে উজলি উঠিবলৈ সক্ষম হোৱাৰ লগতে আই পি এলত সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অৰ্ধশতৰান কৰাৰ অভিলেখ গঢ়িছিল।

প্ৰথম দিনৰ অন্তত অসমে পাঁচটা উইকেট হেৰুৱাই ২৩৭ ৰাণ সংগ্ৰহ কৰিছে।

উল্লেখযোগ্য যে, চলিত ৰঞ্জী ছিজনত অসমৰ প্ৰথমখন খেল ‘কা’ বিৰোধী আন্দোলনৰ বাবে বাতিল হোৱাৰ পাছত দ্বিতীয়খন খেলত ঝাৰখণ্ডৰ হাতত লজ্জাজনকভাৱে পৰাস্ত হৈছিল অসম।