ৰিয়ানৰ বিধ্বংসী বলিং স্পেল; তাচপাতৰ দৰে খহিল বিপক্ষৰ উইকেট

Riyan Parag

ফটো উৎস : ইণ্টাৰনেট

আই পি এল আৰু ঘৰুৱা ক্ৰিকেটত বহু কেইটা দৰ্শনীয় ইনিংছেৰে ক্ৰিকেটপ্ৰেমী তথা সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা অসমৰ ৰিয়ান পৰাগ এইবাৰ চৰ্চাত আহিছে এক বিধ্বংসী বলিং স্পেলৰ বাবে।

বৰপেটা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ছেমিফাইনেল খেলত মঙলবাৰে গুৱাহাটীয়ে নগাঁৱক প্ৰথম দিনাই এক ইনিংছ আৰু ৪৯ ৰানত পৰাস্ত কৰে।

গুৱাহাটীৰ এই বিজয়ৰ মূল কাৰণ হৈছে প্ৰতিভাৱান তথা ষ্টাৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ দাস। ৰিয়ানে প্ৰথম ইনিংছত ২৮ ৰানত ছটা উইকেট দখল কৰে। যাৰ বাবে নগাঁও দলে মাত্ৰ ৬১ ৰানতে প্ৰথম ইনিংছ সামৰে। ইয়াৰ প্ৰত্যুত্তৰত গুৱাহাটীয়ে বেট ধৰিবলৈ আহি নিজৰ প্ৰথম ইনিংছ সামৰে ১৩৩ ৰানত।

ইয়াৰ পাছতে দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ অহা নগাঁৱে পুনৰ এবাৰ গুৱাহাটীৰ বলাৰৰ সন্মুখত অসহায় হোৱা পৰিলক্ষিত হয়। মাত্ৰ ৮.৫ অভাৰ খেলি ২৩ ৰানতে দ্বিতীয় ইনিংছ সামৰে। আৰু এইদৰে মেচখনত নগাঁৱে শোচনীয়ভাৱে পৰাজয় বৰণ কৰে।

দ্বিতীয় ইনিংছত গুৱাহাটীৰ হৈ আবু নেচিম আহমেদে ১০ ৰানত ছটা আৰু ৰিয়ান পৰাগে ১১ ৰানত দুটা উইকেট দখল কৰে। মেচখনত ৰিয়ানে মুঠ ৮টা উইকেট দখল কৰিবলৈ সক্ষম হয়।