এনডিএ ত্যাগ কৰি কৃষকৰ আন্দোলনৰ সৈতে চামিল হ’ল আৰু এটা ৰাজনৈতিক দল

farmers protest

কৃষক বিক্ষোভ।

তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দিল্লীত নিৰন্তৰ আন্দোলন চলাই যোৱা কৃষকসকলৰ পক্ষত এইবাৰ থিয় দিছে এনডিএৰ অন্যতম সহযোগী দল ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দল।

ৰাজস্থানৰ এই দলটোৰ মুৰব্বী  তথা সাংসদ হনুমান বেনিওৱালে কয় যে কৃষকৰ স্বাৰ্থতে তেওঁৰ দলে এনডিএ ত্যাগ কৰি কৃষকৰ সৈতে আন্দোলনত চামিল হৈছে।

ইপিনে ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দলে এনডিএ ত্যাগ কৰাত স্বাভাৱিকতে অস্বস্তিত পৰিছে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ।প্ৰতিবাদী কৃষকসকলক চৰকাৰে পুনৰ ২৯ ডিচেম্বৰত  আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে। জানিব পৰা মতে কৃষকসকলে এই আলোচনাৰ প্ৰতি ইতিবাচক সঁহাৰি জনাইছে।

নতুন কৃষি আইনৰ বিৰুদ্ধে দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ ভৱিষ্যত কাৰ্যপন্থা কি হ’ব সেই কথা ২৯ ডিচেম্বৰৰ আলোচনাত স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

চৰকাৰে আলোচনাৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ সম্পৰ্কে কৃষকসকলে আজি বিতংভাৱে আলোচনা কৰিব।

প্ৰতিবাদকাৰী কৃষকসকলক মাসনিকভাৱে শক্তি দিয়াৰ উদ্দেশ্যে  মহাৰাষ্ট্ৰৰ বিভিন্ন কৃষক সংগঠনসকলে কাৰ্যসূচীৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে অলপতে কৃষি মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ৪০টা কৃষক সংগঠনক চিঠি প্ৰেৰণ কৰি আলোচনাৰ বাবে এটা দিন ধাৰ্য কৰিবলৈ কোৱা হৈছিল।

ইয়াৰ উপৰি কৃষকসকলে নতুন কৃষি আইন কেইখনকলৈ কি কি বিষয়ত অসন্তুষ্ট সেই বিষয়েও বিস্তৃত ৰূপত জনাবলৈ চিঠিখনৰ জৰিয়তে আহ্বান জনোৱা হৈছিল।

স্মৰ্তব্য যে শেষবাৰৰ বাবে যোৱা ৯ ডিচেম্বৰত চৰকাৰ আৰু প্ৰতিবাদকাৰী কৃষকৰ মাজত আলোচনা হৈছিল যদিও সেই আলোচনা বিফল হোৱাত তেতিয়াৰে পৰা আৰু দুয়োপক্ষৰ মাজত কোনো আলোচনা হোৱা নাই।

আলোচনা কালত চৰকাৰে নূন্যতম সমৰ্থন মূল্য বাহাল থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে লিখিত ৰূপত প্ৰতিশ্ৰুতি দিয়া প্ৰস্তাৱক নাকচ কৰিছিল প্ৰতিবাদকাৰী কৃষকসকলে।

কৃষক নেতা অভিমন্যু কোহাৰে কয়, ‘চৰকাৰৰ চিঠিত কোনো নতুনত্ব নাই। নতুন কৃষি আইন সংশোধন কৰাৰ যি প্ৰস্তাৱ সেয়া আমি প্ৰথমতেই নাকচ কৰিছো। এই পত্ৰত চৰকাৰে আমাক আলোচনাৰ বাবে এটা দিন আৰু প্ৰস্তাৱৰ ওপৰত চৰ্চা কৰাৰ কথা জনাইছে’।

উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে কৃষক সংগঠন সমূহলৈ এখন ড্ৰাফ্ট পঠাইছিল, য’ত আঠটা বিষয় বাচনি কৰি কৃষি আইনত সংশোধন কৰিব বুলি উল্লেখ কৰিছিল।

কিন্তু কৃষক সংগঠন সমূহে চৰকাৰৰ এই প্ৰস্তাৱ নাকচ কৰে। তেওঁলোকৰ এটাই দাবী যে প্ৰথমে নতুন কৃষি আইন কেইখন বাতিল কৰক।