বিশ্বনাথত ভতিজীক বিদ্যালয়ৰ পৰা আনিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন লোকে

a accident

বিশ্বনাথৰ লাহৰিজানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

তেজপুৰ অভিমুখে আহি থকা AS 03 T 4770 নম্বৰ স্কৰপীয় বাহনে মহতিয়ালে নিলে বাইক আৰোহীক ৷

বাইক আৰোহী জন লাহৰিজানৰ গোপাল মিশ্ৰ বুলি জানিব পৰা গৈছে ৷

স্কুলৰ পৰা নিজৰ ভতিজীক আনিবলৈ যাওঁতেই সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

স্হানীয় ৰাইজৰ সহযোগত সংকট জনক অৱস্থাত বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে বাইক আৰোহী জনক ৷

কিন্তু দূৰ্ভাগ্যজনক ভাৱে আহত যুৱকজনৰ ইতিমধ্যে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।