বিশ্বনাথৰ সাধাৰৰুত আজি নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত দুজন লোক থিতাতে নিহত হয়।
প্ৰাপ্ত তথ্য মতে ইটানগৰৰ পৰা তেজপুৰ অভিমুখে আহি থকা অৰুণাচল প্ৰদেশৰ এখন যাত্ৰীবাহী বাছত বিপৰীত দিশৰ পৰা অহা এখন বাইকে খুন্দা মাৰে। ফলত বাইকখনত থকা আৰোহী দুজন চিটিকি বাছখনৰ ভিতৰত সুমাই পৰাত তেওঁলোক থিতাতে নিহত হয়।
আনহাতে দুৰ্ঘটনাৰ লগে লগে হঠাৎ বাছখন জ্বলি উঠাত বাছখনৰ লগতে বাইক আৰোহী দুজন সম্পূৰ্ণ ৰূপে জ্বলি ছাই হৈ যায়। অৱশ্যে বাছখনৰ যাত্ৰীসকল কথমপি ৰক্ষা পৰে।
আনহাতে উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান ঠাইখিনিত পৰিস্থিতি উত্তপ্ত হৈ আছে যাৰ বাবে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে।
দুৰ্ঘটনাৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে আৰক্ষীৰ লোকো উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
বাতৰি লিখা পৰ্যন্ত নিহত বাইক আৰোহী দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।