বিশ্বনাথৰ মধুপুৰত ভয়াৱহ পথ দুৰ্ঘটনা, ফ্লিপকাৰ্টৰ সামগ্ৰী বিতৰণ কৰা মহিলা আহত

বিশ্বনাথৰ মধুপুৰত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা।বিদ্যালয়ৰ ছাত্ৰৰ বাইকৰ খুন্দাত গুৰুতৰ ভাবে আহত হৈছে ফ্লিপ কাৰ্টৰ সামগ্ৰী বিতৰণ কৰা এগৰাকী মহিলা।
উল্লেখ্য যে আজি পুৱা বিশ্বনাথৰ মধুপুৰ নিবাসী স্বৰ্গীয় বুল গগৈৰ পত্নী মামন গগৈয়ে স্বামীহীন হোৱাৰ পৰাই বিশ্বনাথত ফ্লিপ কাৰ্টৰ অনলাইন সামগ্ৰী ঘৰে ঘৰে বিতৰণ কৰি নিজৰ পৰিয়াল তথা নিজৰ সন্তানক পোহ পাল দি আহিছে।

আনদিনৰ দৰেই আজিও মামন গগৈয়ে নিজৰ স্কুটি লৈ ফ্লিপ কাৰ্টৰ কাৰ্যালয়ত আহি থকা অবস্থাতে As 32 -7705 নম্বৰৰ ৰঙা ৰঙৰ পালছাৰ বাইকত অহা এগৰাকী বিদ্যালয়ৰ ছাত্ৰই স্কুটি খনত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় স্কুটি আৰোহী মামন গগৈ।

তেওঁৰ ভৰি সম্পূৰ্ণ ভাবে ভাগি যায় ।

স্থানীয় লোকে লগে লগে আহত মামনক ১০৮ সেৱাৰে বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে তেজপুৰলৈ প্ৰেৰণ কৰে।

ইফালে বিশ্বনাথ চাৰিআলি যান বাহন আৰক্ষীয়ে দুয়োখন দুৰ্ঘটনাগ্ৰস্ত বাহন জব্দ কৰি নিজৰ জিম্মাত চমজি লয়।

এই দুৰ্ঘটনাৰ ফলত এগৰাকী বিধবা মহিলাই নিজৰ কৰ্ম সংস্থাপন হেৰুৱাৰ লগতে সমগ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীৰ এই অৱস্থাৰ ফলত পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে।

তেওঁৰ ছোৱালী এজনী আছে আৰু এইবাৰ দশম শ্ৰেণী পাইছে।