NORTHEAST NOW (Assamese)

চামগুৰিত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত, পাঁচজন আহত

September 20, 2018 10:16 pm · বিদুৎ জ্যোতি বৰা

নগাঁও  জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি হাঁহচ’ৰাত বহস্পতিবাৰে  বিয়লি প্ৰায় পাঁচ বজাত এখন ট্ৰাকে  এজন বাইক আৰোহীক খুন্দা মৰাৰ ফলত আৰোহী গৰাকী  থিতাতে নিহত হয় ।

জানিব পৰা মতে আজি আবেলি প্ৰায় পাঁচ মান বজাত  যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী এ এছ ০৪ ডি ৫৫৫১ নম্বৰৰ ট্ৰাকে কলিয়াবৰৰ পৰা খাটোৱাল অভিমুখী এ এছ ০২ এচ ০৯৭৪ নম্বৰ বাইক আৰোহী গৰাকীক খুন্দা মৰাৰ ফলত আৰোহী গৰাকী  থিতাতে নিহত হয়।

নিহত লোক জন খাটোৱাল গাঁৱৰ গোবিন চন্দ্ৰ বৰা (৪৫) আৰু তেওঁ এগৰাকী পঞ্চায়ত কৰ্মচাৰী বুলি জানিব পৰা গৈছে।

আনহাতে, আজিৰ দিনটোতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তিনি ঠাইত সংঘটিত হোৱা পথ দুৰ্ঘটনাত আন পাঁচ গৰাকী লোক  কম বেছি পৰিমানে আহত হয়।

তেলিয়াগাৱঁত  ৰাখি থোৱা  এ এছ ১২ ই ৮১৫৯ নম্বৰৰ ট্ৰেভেলাৰ গাড়ীত নগাঁওৰ পৰা চামগুৰি অভিমুখে আহি থকা  এ এছ ০২ এ চি  ৪২১৪ নম্বৰৰ টেম্পু গাড়ী খনে খুন্দা মৰাৰ ফলত তিনি গৰাকী কলেজীয়া ছাত্ৰী গুৰুতৰভাৱে আহত হয়। আহত ছাত্ৰী তিনিগৰাকীৰ ঘৰ সোনাৰিবালিত আৰু তেওঁলোককৰ নাম প্ৰিয়ঙ্কা দাস, আশা দাস আৰু পাখি দাস বুলি জানিব পৰা গৈছে।

Related News