NORTHEAST NOW (Assamese)

হাউলীত ৰাস মহোৎসৱৰ আনন্দৰ মাজতে পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু

November 15, 2019 12:45 pm · এন ই নাও নিউজ
দুৰ্ঘটনাগ্ৰস্ত বাহনখন

বৰপেটা জিলাৰ হাউলীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত ৰাতুল পাঠক নামৰ এজন বাইক আৰোহীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে ৰাতুল পাঠক নামৰ যুৱকজনে নিজৰ এ এছ-১৫ কিউ-১৬৫০ নম্বৰৰ এভেঞ্জাৰ মটৰ চাইকেলেৰে হাউলীলৈ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ অহাৰ সময়তে এ এইচ-১৪ এইচ জি-৭৮৬৬ নম্বৰৰ এখন ট্ৰাকৰ পাছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত স্থানীয় লোকে যুৱক জনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত যুৱকজনক মৃত বুলি ঘোষণা কৰা হয়।

ৰাস মহোৎসৱৰ মাজত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত এনেদৰে এজন যুৱকে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱাত স্থানীয় লোকসকলে দুখ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, হাউলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱক কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰতিদিনে যথেষ্ট দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে সেয়েহে এই সময়ত যাতে পথ দুৰ্ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি জিলা প্ৰশাসনে সতৰ্কতা অৱলম্বন কৰিছে।

Related News