হোজাইত শোকাৱহ পথ-দুৰ্ঘটনা; প্ৰাণ গ’ল পতি-পত্নীৰ

road accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

বৃহস্পতিবাৰে আবেলি হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম জাৰুণী গাঁৱত সংঘটিত এক শোকাৱহ পথ-দুৰ্ঘটনাত এহাল দম্পতীয়ে প্ৰাণ হেৰোৱাবলগীয়া হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত পতি-পত্নী দুগৰাকীক ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ভেলৌগুৰিৰ আফতাৰ হুছেইন আৰু নাছিমা বেগম বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে কালি আবেলি আফতাৰে পত্নী নাছিমাক লগত লৈ ভেলৌগুৰিৰ নিজ ঘৰৰ পৰা এ এছ ০২ এইচ ৬৪০২ নম্বৰৰ মটৰ চাইকেলখনেৰে পশ্চিম গাঁৱত থকা শহুৰেকৰ ঘৰলৈ গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা এখন টাটা ডি আই গাড়ীয়ে খুন্দা মাৰে। ফলত তেওঁলোকে থিতাতে মৃত্যুক সাবটি লয়।

ঘটনাৰ খবৰ পাই ডবকা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।