NORTHEAST NOW (Assamese)

কলিয়াবৰৰ কুঁৱৰীটোলত চলন্ত ট্ৰেভেলাৰৰ ওপৰত আঁহতৰ ডাল ভাঙি পৰি ৩ জন আহত

October 7, 2018 8:08 pm · ৰিদিপ শৰ্মা

আজি বিয়লি কলিয়াবৰৰ কুঁৱৰীটোলত সংঘটিত এক পথ দুৰ্ঘটনাত ৩ জন লোক আহত হোৱাৰ লগতে প্ৰায় ১৭ জন লোক ভাগ্য ক্ৰমে ৰক্ষা পৰে।

প্ৰাপ্ত তথ্য মতে কুঁৱৰীটোলত নগাঁও দিশৰ পৰা যোৰহাট অভিমুখে যাত্ৰা কৰি থকা এ এছ ০৩ বি চি ২০২২ নম্বৰৰ  ট্ৰেভেলাৰখনৰ ওপৰত আকস্মিকভাবে এডাল প্ৰকাণ্ড আঁহত গছৰ ডাল ভাঙি পৰাত ট্ৰেভেলাৰখনৰ চালকসহ মুঠ তিনিজন লোক আহত হয়।

আহত সকলক ততাতৈয়াকৈ জখলাবন্ধা হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসকে চালক জিতুমণি কলিতাক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতালৈ প্ৰেৰণ কৰে।

জিতুমণি কলিতাৰ ঘৰ যোৰহাটৰ পুলিবৰৰ বাপুজি পথ চাৰঙীয়াত বুলি জানিব পৰা গৈছে।

আনহাতে আহত আন দুজন ব্যক্তিক কাৰ্বি আংলং জিলাৰ ডেন গাঁৱৰ বাবলু বসুমতাৰী আৰু নগাঁও জিলাৰ ২নং কটানি গাঁৱৰ বিপুল আলিক বৰ্তমান জখলাবন্ধা চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

Related News