শদিয়াত শোকাৱহ পথ দুৰ্ঘটনা; এজন নিহত, এজনৰ অৱস্থা সংকটজনক

তিনিচুকীয়া জিলাৰ শদিয়াৰ পাটিদৈ নগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। আজি সন্ধিয়া সংঘটিত দুৰ্ঘটনাটোৰ ফলত এজন লোকে প্ৰাণ হেৰুৱাৰ লগতে আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

নিহত লোকজনক জুম্মা আলী (২৫) আৰু গুৰুতৰভাৱে আহত ব্যক্তিজনক পৰিক্ষীত মুঢ়া (৩৫) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এখন তীব্ৰ বেগী অলট’ বাহনে এ এছ ২৩ টি ০১৩৬ নম্বৰৰ এখন হিৰ’ হণ্ডা বাইকত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰে গুৰুতৰভাৱে আহত হোৱা পৰিক্ষীত মুঢ়াক প্ৰাৰ্থমিক চিকিৎসাৰ বাবে চপাখোৱা এফ আৰ য়ুত ভৰ্তি কৰাই পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।