NORTHEAST NOW (Assamese)

টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনা, কেইবাজনৰো অৱস্থা সংকটজনক

March 14, 2022 8:45 am · এন ই নাও নিউজ,টিয়ক

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বাদুলীপুখুৰীত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা ঘটিছে।

প্ৰাপ্ত তথ্য মতে টীয়কৰ  পৰা যোৰহাট অভিমুখী AS03AC1973 নম্বৰৰ মেজিক খনৰ সৈতে  শিৱসাগৰ অভিমুখী   RJ13GB3832 নম্বৰৰ ট্ৰেইলাৰ খনৰ মুখামুখি সংঘৰ্ষ হয় ।

ফলত মেজিকত অহা যাত্ৰীসকল বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । দুৰ্ঘটনাটোত গুৰুতৰ ভাবে আহত ৰবিনা কৰ্মকাৰ,মিঠুন কৰ্মকাৰ, সোণমণি কৰ্মকাৰ, বিপুল কৰ্মকাৰ, সীমা ঘাটোৱাৰ, তৰুণ ঘাটোৱাৰক টীয়কৰ চিকিৎসালয়ত সংকট জনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে। আন কেইজনমান যাত্ৰীক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে ।

উল্লেখ যে টীয়ক হাটখোলাৰ এক অনুষ্ঠানৰ পৰা মেজিক খনে উভতি যাওঁতে বাদুলী পুখুৰীত দুৰ্ঘটনাত পতিত হয়।

মেজিকখনত ৫ গৰাকী মহিলা লগতে ৩ টি শিশু আছিল বুলি জানিব পৰা গৈছে।

Related News