আজিৰে পৰা পুনৰ আৰম্ভ হ’ব সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় অংশ ।
বাজেট অধিৱেশনৰ দ্বিতীয় অংশৰ সময়তে বিৰোধীয়ে মুদ্ৰাস্ফীতি আৰু বৰ্ধিত নিবনুৱা সমস্যাকে ধৰি বিভিন্ন বিষয়ত চৰকাৰক শলঠেকত পেলাবলৈ সাজু হৈছে।
বিৰোধীয়ে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক স্থানান্তৰ কৰা আৰু কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধিৰ সূতৰ হাৰ হ্ৰাস কৰাৰ বিষয়বোৰো সংসদৰ মজিয়াত উত্থাপন কৰিবলৈ প্ৰস্তুত হৈছে বুলি জানিব পৰা গৈছে।
বাজেট অধিৱেশনৰ দ্বিতীয় অংশৰ প্ৰধান কাৰ্যসূচী সমূহৰ ভিতৰত অন্যতম এটা কাৰ্যসূচী হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু -কাশ্মীৰৰ বাবে বাজেট বাজেট উপস্থাপনৰ কৰা আৰু সেই বাজেটত সংসদত অনুমোদন কৰোৱা।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত জম্মু আৰু কাশ্মীৰৰ বাবে বাজেট উপস্থাপন কৰিবলৈ সাজু হৈছে ।
উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ প্ৰথম অংশ ২৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈছিল।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিছিল।