টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাতা প্ৰতিষ্ঠানৰ গাফিলতিৰ ফলত ভয়ংকৰ দুৰ্ঘটনা

mojk

উজনি অসমৰ বিশেষকৈ যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণ কাম যোৱা ২০১৪
চনৰে পৰা চলি আহিছে যদিও নিম্নমানৰ কাম তথা অসম্পূৰ্ণ দলং,পথ,কালভাৰ্ট,নলা আদিয়ে বহু সময়ত বিভিন্নজনলৈ অন্ধকাৰ কঢ়িয়াই আনিছে।

আজি বিয়লি টীয়কৰ জগদুৱাৰ নদীৰ ওপৰত চাৰিলেনযুক্ত পথ নিৰ্মাতা কোম্পানীয়ে নিৰ্মাণ কৰা অৰ্ধনিৰ্মিত দলংখনত কোনো বেৰ অথবা সংকেত চিহ্ন নিদিয়াকৈয়ে প্ৰায় চাৰিমাহ কাম নকৰাকৈ পেলাই থোৱাৰ ফলত এগৰাকী মটৰচাইকেল আৰোহী যোৰহাট অভিমুখে আহি থাকোতে অৰ্ধনিৰ্মিত দলংখনৰ গাঁতত পৰি ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।

সৌভাগ্যবশত: চালকজন লোহাত নপৰি কাষৰ গাঁতটোত পৰে আৰু স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীৰ সহায়ত ততাতৈয়াকৈ গুৰুতৰভাৱে আহত পলাশ সৰকাৰ নামৰ ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে বিভিন্ন সময়ত উক্ত পথছোৱাত নিৰ্মাতা কোম্পানীৰ অমনোযোগিতাৰ ফলতে এনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

ৰাইজে বাৰম্বাৰ এই আসোঁৱাহবোৰ কোম্পানীক অৱগত কৰাৰ পাছতো আজিপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।

সেয়ে অনতি পলমে আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰি যাতায়াতৰ সুবিধা কৰি দিবলৈ দায়িত্বত থকা প্ৰতিস্থানক দাবী জনাইছে ৰাইজে।