গোৱালপাৰাত বাইক-অট’ৰিক্সাৰ মুখামুখি সংঘৰ্ষ; এজনৰ অৱস্থা সংকটজনক

road accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলবলাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত বুধবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা কেইবাজনো লোক আহত হয়।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ১১ বজাত গুৱাহাটী অভিমুখী এ এছ ১৯ এম ৬৮০৫ নম্বৰৰ এখন বাইকে বিপৰীত ফালৰ পৰা আহি থকা এখন অট’ৰিক্সাত খুন্দা মাৰে। বাইখনে আন এখন গাড়ীক অতিক্ৰম কৰিবলৈ লওঁতেই এই দুৰ্ঘটনা সংঘটিত হয় ৷

দুৰ্ঘটনাটোৰ ফলত বাইকৰ চালকজন গুৰুতৰভাবে আহত হোৱাৰ উপৰি অট’ৰিক্সাখনৰ আটাইকেইজন যাত্ৰীয়ে কম-বেছি পৰিমানে আঘাত পায়।

স্থানীয় ৰাইজৰ সহযোগত  আৰক্ষীয়ে আহত সকলোক গোৱালপাৰালৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও বাইক চালকজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে।