NORTHEAST NOW (Assamese)

চামগুৰিত ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল গৰু ভৰ্তি ট্ৰাক; হেৰোৱা গৰু বিচাৰি আৰক্ষীৰ অভিযান

May 28, 2019 3:52 pm · ভাৰ্গব হাজৰিকা
চামগুৰিত দুৰ্ঘটনা গ্ৰস্ত ট্ৰাকখন।

নগাঁও জিলাৰ চামগুৰিৰ তেলিয়া গাঁৱত আজি ৰাতিপুৱাই এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত গৰু কঢ়িয়াই অনা এখন ট্ৰাক সম্পুৰ্ণৰূপে বাগৰি পৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত।

আমি লাভ কৰা তথ্য অনুসৰি ট্ৰাকখন লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। ট্ৰাকখনত ২২ টা গৰু আছিল বুলি ট্ৰাকখনৰ চালকজনে জানিবলৈ দিয়ে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীৰ পৰা আটাইকেইটা গৰু নোহোৱা হয়।

আনহাতে, ট্ৰাকত থকা লোককেইজনে দুৰ্ঘটনাটোৰ বিষয়ে চামগুৰি আৰক্ষী থানালৈ খবৰ দিবলৈ যোৱাৰ সময়ত একংশ লোকে গৰুবোৰ লৈ উধাও হয় বুলি অভিযোগ উত্থাপিত হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ হোৰোৱা গৰুবোৰ বিছাৰি অভিযান আৰম্ভ কৰে।

প্ৰথম পৰ্যায়ৰ অভিযানৰ অন্তত আৰক্ষীয়ে ১২ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এতিয়াও সন্ধানহীন হৈ আছে আন ১০ টা গৰু। হেৰোৱা গৰুকেইটা বিছাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Related News