NORTHEAST NOW (Assamese)

১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত উপায়ুক্তক স্মাৰকপত্ৰ দক্ষিণ হাইলাকান্দিৰ বেচৰকাৰী সংস্থাৰ

August 27, 2018 6:00 pm · ৰাহুল চক্ৰৱৰ্তী

পথৰ দুৰৱস্থাৰ বাবে দক্ষিণ হাইলাকান্দিৰ মাধৱপুৰ অঞ্চলত বিগত তিনি মাহত সংঘটিত হৈছে চাৰিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। জহি খহি যোৱা পথৰ বাবেই অঞ্চলটোত বিগত কিছুদিনৰ পৰা এনেদৰে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হাইলাকান্দিৰ স্থানীয় য়ু এম এম আই ডি নামৰ বেচৰকাৰী সংস্থা এটাই পথ মেৰামতিৰ দাবীত আজি জিলা প্ৰশাসনক স্মাৰকপত্ৰ প্ৰদান কৰে।

সংস্থাটোৰ উপদেষ্টা জাফৰ ইকবাল আৰু সভাপতি ফৰিদুল ইছলামে জিলা উপায়ুক্ত আদিল খানক সাক্ষাৎ কৰি জহি খহি যোৱা কাটলিচেৰাৰ পৰা ভৈৰৱীলৈকে ১৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা শীঘ্ৰে মেৰামতি কৰাৰ বাবে উপায়ুক্তক দাবী জনায়।

ইয়াৰ উপৰি উপায়ুক্তক প্ৰদান কৰা স্মাৰকপত্ৰৰ জৰিয়তে মাধৱপুৰ উপ কেন্দ্ৰত এখন এম্বুলেঞ্চ প্ৰদান কৰাৰ বাবেও দাবী জনায় য়ু এম এম আই ডি নামৰ বেচৰকাৰী সংস্থাটোৱে।

উল্লেখ্য যে উক্ত ঘাইপথছোৱাৰ দুৰৱস্থাৰ বাবে বিগত দিনত পথ দুৰ্ঘটনাত বহুতো লোকে প্ৰাণ হেৰুওৱাৰ লগতে বহু লোক আঘাত প্ৰাপ্ত হৈছে। তাৰোপৰি উক্ত পথছোৱাতে কালি সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোকে মৃত্যুবৰণ কৰাৰ লগতে পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে জিলা উপায়ুক্ত আদিল খানে স্মাৰকপত্ৰ পোৱাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Related News