শিৱসাগৰত নিৰ্মাণৰ দুদিন পিছতে বখলা-বখলে এৰাইছে লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰা পকী পথ

এটা পথ। নিৰ্মাণৰ পিছতেই উন্মোচিত হৈছে ইটোৰ পিছত সিটো অনিয়ম। নিৰ্মাণৰ পিছতেই বখলা বখলে এৰাইছে পথটো। বিধায়ক অখিল গগৈৰ নিৰ্দেশক ভেঙুচালি।

নিৰ্মাণৰ দুদিনৰ পিছতেই বখলা বখলে এৰাইছে পথ। ঠিকাদাৰৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা গল সংগঠনে।উল্লেখ্য যে শিৱসাগৰৰ দিচাংমুখ অফলাৰ পৰা আজানপীৰ দৰগাহ তিনিআলি লৈকে প্ৰায় ৪ কিলোমিটাৰ মথাউৰিৰ পথছোৱা পকীকৰণৰ কাম কৰিছিল লোকনিৰ্মাণ বিভাগে।

কিন্তু পথ নিৰ্মাণত হোৱা অনিয়মৰ বাতৰি নৰ্থইষ্ট নাওত প্ৰচাৰ কৰাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে উক্ত স্থানলৈ প্ৰতিনিধি প্ৰেৰণ কৰিছিল আৰু পথ নিৰ্মাণত হোৱা অনিয়ম দূৰ কৰি উন্নত মানদণ্ডৰে পথটো নিৰ্মাণ কৰিবলৈ বিষয়া ঠিকাদাৰক নিৰ্দেশ দিছিল।

তাৰ পিছতো পকী কৰা পথটোৰ অৱস্থা তথৈবচ হৈয়েই থাকিল। কাৰ্পেটিং কৰাৰ দুদিনৰ পিছতেই বখলা বখলে এৰাইছে পথটোৰ পকী।

ইপিনে সামাজিক মাধ্যমতো স্থানীয় যুৱকে ফটোসহ পোষ্ট কৰি পথ নিৰ্মাণত হোৱা দুৰ্নীতি উদঙাই দিছে। কেইবা বছৰৰ পিছত পকীকৰণ কৰা মথাউৰিটো উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনাইছে।