বাক্সা জিলাৰ মুছলপুৰত পথ সুৰক্ষা সপ্তাহ পালন

বাইক ৰেলী, বাটৰ নাটেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস

a road

ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ ২০২১ ৰ অধীনত বাক্সা জিলা পৰিবহন বিভাগৰ উদ্যোগত বাক্সা জিলা সদৰ মুছলপুৰতো পথ সুৰক্ষা মাহ-২০২১ পালন কৰা হয় ৷

১৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা পথ সুৰক্ষা মাহ উপলক্ষে সোমবাৰে মটৰ চাইকেলেৰে এক সজাগতা সমদল উলিওৱা হয় ৷

জিলা পৰিবহন বিষয়া আৰু জিলাখনৰ অতিৰিক্ত উপায়ুক্তই ফ্লেগ অফ কৰা সমদলটোৱে মুছলপুৰ চহৰৰ মাজেৰে পাঁচ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পুনৰ কাৰ্যালয়লৈ উভতি আহে ৷

সমদলৰ পূৰ্বে সজাগতা মাহ উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাত বক্তা সকলে পথ সুৰক্ষাৰ নীতি নিয়ম সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ চেষ্টা কৰে ৷

সজাগতা সভাত জিলা পৰিবহন বিষয়া শোনিত কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্ত অৰুণ কুমাৰ ব্ৰহ্ম, বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, চাপাগুৰী সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰী আদিকে ধৰি বিশিষ্ট ব্যক্তি সকলে অংশগ্রহণ কৰি ভাষণ ৰাখে ৷

আনহাতে সজাগতা উপলক্ষে এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্যই বাটৰ নাট প্ৰদৰ্শণ কৰে ৷

নিজৰ মন্তব্য প্ৰকাশ কৰি বাক্সা জিলা পৰিবহন বিষয়া গৰাকীয়ে কয় যে গাড়ী চালক সকলে যানবাহন অইন অমান্য কৰে আৰু এনে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হব।

দুৰ্ঘটনা বৃদ্ধি সন্দৰ্ভত জিলা পৰিবহন বিষয়া গৰাকীয়ে লোক নিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগে গতিৰোধক সমূহত যথোপযুক্ত নিৰ্দেশনা নিদিয়া বাবে অধিক দুৰ্ঘটনা সংঘটিত হোৱা বুলি বিভাগ দুটাক জগৰীয়া কৰে।