পূব আফ্ৰিকাৰ দেশ কেনিয়াত পথত পুতি ৰখা এক মাইন বিস্ফোৰণত ১৩জন লোক নিহত হৈছে। বিস্ফোৰণত আন কেইবাজনো লোক আহত হৈছে।
বিস্ফোৰণত নিহত লোককেইজন এখন বাছত আহিছিল। দেশখনৰ উত্তৰ ভাগৰ ছোমালিয়া সীমান্তৱৰ্তী অঞ্চলৰ এটা পথত পুতি ৰখা বোমা বিস্ফোৰণত সোমবাৰে তেওঁলোকে প্ৰাণ হেৰুৱায়।
কেনিয়াৰ উত্তৰ পূবৰ মানদেৰা কাউন্টিৰ আৰক্ষীয়ে জানিবলৈ দিছে যে সোমবাৰে এখন মিনিবাছে যাত্ৰী কঢ়িয়াই মানদেৰা চহৰলৈ গৈ থকা সময়ত পথত পুতি ৰখা বোমাৰ বিস্ফোৰণ ঘটে।
লগতে পঢ়ক: ‘শান্তিৰ সন্ধান!’ ইনষ্টাগ্ৰামত প’ষ্ট দি ৬০ মহলাৰ জঁপিয়াই প্ৰাণ দিলে প্ৰাক্তন Miss USAই
বিস্ফোৰণৰ পাছতে বাছখনত জুই লাগে আৰু যাত্ৰীসকল অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। বিস্ফোৰণৰ পাছতে ঘটনাস্থলীত গুলীচালনাৰ ঘটনাও সংঘটিত হোৱা বুলি কোৱা হৈছে।
বাতৰি অনুসৰি, বোমা বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত এজন সন্দেহজনক ব্যক্তিক আটক কৰি আৰক্ষীয়ে জেৰা চলাইছে।