ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পাৰ বিৰুদ্ধে প্ৰভিডেন্ট ফাণ্ড (পি এফ) জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে। চেঞ্চুৰীজ লাইফষ্টাইল ব্ৰেণ্ড প্ৰাইভেট লিমিটেড নামৰ ব্যক্তিগত প্ৰতিষ্ঠান চলোৱা উথাপ্পাই কৰ্মচাৰীৰ দৰমহাৰ পৰা পিএফৰ বৰঙণি কৰ্তন কৰি ধন জমা কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলত ২৩ লাখ টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন হয়। পিফ আঞ্চলিক উপায়ুক্ত শদক্ষৰী গোপাল ৰেড্ডীয়ে এই ৱাৰেণ্ট জাৰি কৰি পুলাকেশনগৰ আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে যোৱা ৪ ডিচেম্বৰত জাৰি কৰা ৱাৰেণ্টটো উথাপ্পাই পুলাকেশনগৰৰ পূৰ্বৰ ঠিকনাত আৰু নাথাকে বুলি ধৰা পৰাৰ পাছতে পিএফ কাৰ্যালয়লৈ ঘূৰাই পঠিওৱা হৈছিল। খবৰ অনুসৰি উথাপ্পা আৰু তেওঁৰ পৰিয়ালে বৰ্তমান ডুবাইত বাস কৰি আছে। পিএফ কাৰ্যালয়ে উল্লেখ কৰে যে উথাপ্পাই পিএফৰ বাবদ ধন প্ৰেৰণ নকৰাৰ বাবে ক্ষতিগ্ৰস্ত শ্ৰমিকসকলৰ একাউণ্ট নিষ্পত্তি হোৱাত বাধাৰ সৃষ্টি হৈছে। গ্ৰেপ্তাৰৰ পৰোৱানা কাৰ্যকৰী কৰিবলৈ এতিয়া কৰ্তৃপক্ষই তেওঁৰ অৱস্থান বিচাৰি উলিয়াবলৈ কাম কৰি আছে।
ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ ৰবিন উথাপ্পাই ৫৯খন আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি ৫৪খন এদিনীয়া ইনিংছত ৭টা অৰ্ধশতককে ধৰি ১১৮৩ ৰান সংগ্ৰহ কৰে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত তেওঁ কলকাতা নাইট ৰাইডাৰ্ছ, ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু, আৰু মুম্বাই ইণ্ডিয়ানছৰ দৰে দলৰ হৈ খেলিছিল আৰু ২০১৪ চনত কেকে আঁৰৰ বিজয়ী দলৰ অংশ আছিল।আৰক্ষীয়ে আইনী ব্যৱস্থা আগবঢ়াই নিবলৈ উথাপ্পাৰ স্থান নিৰ্ণয় কৰাত মনোনিৱেশ কৰিছে আৰু চলি থকা তদন্তৰ সমাধান কৰা।