NORTHEAST NOW (Assamese)

বাক্সাৰ নাগ্ৰীজুলিত ৰকেট লাঞ্চাৰ উদ্ধাৰকলৈ চাঞ্চল্য

December 18, 2019 7:37 pm · দীপক কুমাৰ পাঠক
Updated: December 18, 2019 7:50 pm

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত বিমলানগৰ গাঁৱত আজি পুৱা এটা ৰকেট লাঞ্চাৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

প্ৰাপ্ত তথ্য মতে বাল্টি নৈৰ পাৰত এখন এক্সেভেটৰে বালি খান্দি থকা অৱস্থাত তাত কাম কৰা কেইগৰাকীমান শ্ৰমিকে বালিত পুত খাই থকা ৰকেট লাঞ্চাৰটো উদ্ধাৰ কৰে।

শ্ৰমিকসকলে এই কথা স্থানীয় গাঁওবাসীক জনোৱাৰ পিছতে তেওঁলোকে নাগ্ৰীজুলি আৰক্ষী চকীত খবৰ দিয়ে। খবৰ পাই নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ৰকেট লাঞ্চাৰটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়।

আৰক্ষীয়ে ৰকেট লাঞ্চাৰটো নিষ্ক্ৰিয় কৰাৰ বাবে সেনাৰ বোমা বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰে। বাতৰি লিখা সময়লৈকে ৰকেট লাঞ্চাৰটো নাগ্ৰীজুলি আৰক্ষী চকীৰ চৌহদত ৰখা হৈছে।

আৰক্ষীয়ে ভূটানত আশ্ৰয় লৈ থকা একাংশ বিদ্ৰোহী সংগঠনৰ সদস্যই দেশখনত চলা অপাৰেচন অ’ল ক্লিয়াৰৰ সময়ত বাল্টি নৈত এই মাৰণাস্ত্ৰ সমূহ দলিয়াই দিয়া বুলি অনুমান কৰিছে।

Related News