• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাই কাল্পনিক গল্প সাজিলে: ৰিপুণ বৰা

নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী অসমৰ হিংসাত্মক প্ৰতিবাদক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীত মন্তব্য কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 18, 2019 7:58 pm
Anti-CAA violence: Assam Congress terms minister Himanta Biswa Sarma's claim ''imaginary story''

ৰিপুণ বৰা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিপুণ বৰাই বুধবাৰে কৈছে যে অসমৰ নাগৰিকত্ব (সংশোধন) আইনবিৰোধী হিংসাত্মক প্ৰতিবাদক লৈ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা “কাল্পনিক গল্প”।

অসম প্ৰদেশ যুৱ কংগ্ৰেছ সভাপতি কামৰুল ইছলাম চৌধুৰীকে ধৰি একাংশ কংগ্ৰেছী হিংসাত্মক প্ৰতিবাদত জৰিত বুলি মন্ত্ৰী শৰ্মাই তোলা অভিযোগৰ প্ৰত্যুত্তৰত বৰাই সংবাদমেলযোগে এই মন্তব্য কৰিছে।

Apply Now

“আঁতৰত জ্বলি থকা জুইকুৰা আৰু কামৰুলে খোজ কাঢ়ি আহি চেক (/handshake) মিলোৱা দৃশ্য দেখুৱাই জুই জ্বলাই আনন্দত হাত মিলোৱা বুলি কাল্পনিক গল্প সাজিলে,’’ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰাই কয়।

প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ ফুটেজ দেখুৱালে নহ’ব বুলি কৈ বৰাই শৰ্মাৰ পৰা কোনো কংগ্ৰেছী নেতা বা কৰ্মী হিংসাত্মক কাৰ্য্যত জৰিত থকাৰ প্ৰমাণ বিচাৰে।

“মিছা অভিযোগৰে কংগ্ৰেছৰ ‘কা’বিৰোধী প্ৰতিবাদ বিপথে পৰিচালনা কৰিবলৈ অপচেষ্টা কৰিছে। হিমন্তই অপ-প্ৰচাৰ যিমান কৰিছে সিমানেই লাখ-লাখ মানুহ ৰাজপথলৈ ওলাই আহিছে,” বৰাই কয়।

“সিদিনা অমিত শ্বাহে কেবক লৈ আলোচনা কৰিবৰ বাবে অসমৰ দল-সংগঠনক মাতি নিওঁতে হিমন্ত বিশ্ব শৰ্মাই আমছুৰ নেতাৰ লগত হেণ্ডচেক কৰিছিল। আমি ইয়াত এটা কাল্পনিক গল্প বনাম নেকি?”

লগতে পঢ়ক– জনতা ভৱন জ্বলাই দিয়াৰ ষড়যন্ত্ৰ হৈছিল

বৰাই লগতে কয় যে সমগ্ৰ আন্দোলনটোত “গণতন্ত্ৰৰ নীতি” ৰক্ষা কৰাৰ বাবে কংগ্ৰেছে অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান, মুখ্য সচিব আৰু মানৱ অধিকাৰ আয়োগক বুধবাৰে স্মাৰকপত্ৰ প্ৰদান কৰিছে।

“স্মাৰক পত্ৰৰ জৰিয়তে কংগ্ৰেছ দলে চৰকাৰ বা প্ৰশাসনক সকীয়াই দিব খুজিছে যে চৰকাৰী পক্ষই কংগ্ৰেছী আৰু আন্দোলনকাৰীক যাতে অপ-ব্যৱহাৰ নকৰে। চাৰি-পাঁচজনকৈ চহিদ হ’ল, নৱম শ্ৰেণীৰ ছাত্ৰক গুলীয়াই হত্যা কৰা হ’ল। তেওঁলোকে কেৱল আন্দোলনত অংশগ্ৰহণ কৰিছিল, কোনো অশান্তি কৰা নাই,” বৰাই কয়।

“সকলো মানুহ আঁতৰি যোৱাৰ পাছত অকলে এজন ল’ৰাক আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে। এইটোৱে মানৱ অধিকাৰ ভংগ কৰিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত দিনৰ পোহৰত নহয়, ৰাতিৰ আন্ধাৰত পৰিয়ালৰ লোকক হাৰাশাস্তি কৰি কংগ্ৰেছ নেতা-কৰ্মীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মানৱ অধিকাৰ ভংগ কৰিছে।”

আনহাতে এগৰাকী বুদ্ধিজীৱীয়ে জনতা ভৱন জ্বলোৱাৰ ষড়যন্ত্ৰ কৰিছিল বুলি মন্ত্ৰী শৰ্মাই কৰা অভিযোগক লৈ বৰাই ব্যক্তিগৰাকীৰ নামটো প্ৰকাশ কৰিবলৈ দাবী জনায়।

“এনেদৰে ব্লেকমেইলিং কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ এই গণতান্ত্ৰিক আন্দোলন বিজেপিয়ে যদি মষিমূৰ কৰিম বুলি ভাবিছে তেন্তে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে,” বৰাৰ মত।

ইফালে কা-বিৰোধী আন্দোলনৰ মাজত চৰকাৰে শিল্পীলৈ “এককালীন সাহায্য” আৰু নিবনুৱা যুৱকলৈ “চাকৰিৰ টোপ” দিয়াটো প্ৰতিবাদটো “মষিমূৰ কৰিবলৈ” লোৱা পদক্ষেপ বুলি বৰাই মন্তব্য কৰে।

“এতিয়া যে ৫৫হাজাৰ চাকৰি দিব বিচাৰিছে, সোণোৱালে ইমানদিনে গম নাপায় নেকি ৫৫হাজাৰ পদ খালী থকা বুলি। ইমানদিনে শিল্পীসকললৈ মনত নপৰিল, এতিয়াযে ৫০হাজাৰকৈ এককালীন সাহায্য দিবলৈ মনত পৰিল। শিল্পীসকলৰ মাজত বিভাজন আনিবলৈ এই কৌশল কৰিছে, এই কৌশলে কাম নিদিয়ে,” বৰাই কয়।

বৰাই কয় যে অসমীয়া ডেকাল’ৰা এটা চাকৰিৰ টোপত জাতি ৰক্ষাৰ আন্দোলনৰ পৰা আঁতৰি কেতিয়াও নাযায়।

ইপিনে, অখিল গগৈক গ্ৰেপ্তাৰ কৰাটো গৰিহণাযোগ্য বুলি বৰাই মন্তব্য কৰে।

“অখিল গগৈক নিৰ্মমভাৱে মাওবাদী সজাই হাতত হেণ্ডকাফ লগাই আদালতলৈ লৈ যোৱা হৈছে। অখিল গগৈ কাচভৰ দৰে সন্ত্ৰাসবাদী নহয় বা ৰাষ্ট্ৰদ্ৰোহী নহয়, তেওঁ গণতান্ত্ৰিক আন্দোলনকাৰী। এইবোৰ কৰি মানৱ অধিকাৰ ভংগ কৰিছে। মাওবাদীৰো মানৱ অধিকাৰ আছে,” বৰাই কয়।

শেহতীয়া খবৰমতে, আন্দোলনত হিংসাত্মক ঘটনাত জৰিত থকাত অভিযুক্ত কংগ্ৰেছ যুৱনেতা কামৰুল ইছলাম চৌধুৰী আৰু জুবেৰ আলম পলাতক অৱস্থাত আছে। আৰু আৰক্ষীয়ে তেওঁলোকৰ সন্ধান চলাই আছে।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও হিংসাত্মক প্ৰতিবাদৰ আঁৰত কংগ্ৰেছ জৰিত বুলি মন্তব্য কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd