NORTHEAST NOW (Assamese)

হাইদৰাবাদত প্ৰতিপক্ষক ধৰাশায়ী কৰি স্বৰ্ণপদক অৰ্জন ৰ’দালিৰ

June 14, 2019 4:58 pm · এন ই নাও নিউজ
Updated: June 14, 2019 5:07 pm
ৰ'দালি বৰুৱা। উৎস-ফেইচবুক

অসমৰ প্ৰতিশ্ৰুতিসম্পন্ন মহিলা টাইকোৱানডো খেলুৱৈ ৰ’দালি বৰুৱাই হায়দৰাবাদত অনুষ্ঠিত হৈ থকা দ্বিতীয় ইণ্ডিয়া অ’পেন ইণ্টাৰনেশ্যনেল টাইকোৱানডো চেম্পিয়নশ্বিপত স্বৰ্ণপদক দখল কৰিবলৈ সক্ষম হৈছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত আজি দুৰ্দান্ত প্ৰদৰ্শনেৰে স্বৰ্ণপদক দখল কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰ’দালি।

হায়দৰাবাদৰ গাচিবৌলিৰ জি এম চি বালাযোগী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ১১ জুনৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৬ জুনলৈ চলিব।

আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতাখনত অষ্ট্ৰেলিয়া, জাপান, কোৰিয়াকে ধৰি ২৫ খন দেশৰ খেলুৱৈয়ে অংশ লৈছে বুলি তেলেংগানা পৰ্যটন আৰু ক্ৰীড়া মন্ত্ৰী ভি শ্ৰীনিৱাশ গৌদে বিভাগীয় জাননী যোগে প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে, বিগত বৰ্ষত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছতো ভাৰতীয় টাইকোৱানডো দলক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল ৰ’দালিয়ে।

আনহাতে, মে’ মাহত মানচেষ্টাৰত অনুষ্ঠিত হোৱা বিশ্ব টাইকোৱানডো প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়ো বৃটিছ উচ্চায়ুক্তই ৰ’দালি আৰু দীপিকাক ব্ৰিটেনলৈ যাবৰ বাবে প্ৰয়োজনীয় ভিছা নাকচ কৰাৰ বাবে খেলুৱৈ দুগৰাকীৰ আশাত চেঁচাপানী পৰিছিল।

ৰ’দালিৰ দুৰ্দান্ত প্ৰদৰ্শনৰ পাছত এতিয়া খেলুৱৈগৰাকীৰ গৃহৰাজ্য অসমৰ খেল প্ৰেমীসকলৰ মনত আনন্দৰ ঢল বৈছে।

Related News