বিচিচিআইৰ নতুন সভাপতি ৰজাৰ বিন্নী; আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে দায়িত্ব

Roger Binny appointed new BCCI president ১৯৮৩ চনৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰ ৰজাৰ বিন্নীয়ে সৌৰভ গাংগুলীৰ ঠাইত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছে। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰজাৰ বিন্নীক মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) পৰৱৰ্তী সভাপতি হিচাপে নিযুক্তি দিয়া হয়।

সৌৰভ গাংগুলীৰ পৰা বিচিচিআইৰ সভাপতি হিচাপে ৰজাৰ বিন্নীক দায়িত্ব গতাই দিয়া হৈছে। এতিয়াৰ পৰা সৌৰভ গাংগুলী বিচিচিআইৰ প্ৰাক্তন সভাপতি হিচাপে পৰিচিত হ’ব।

লগতে পঢ়ক: কেদাৰনাথত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা: পাইলটসহ সাত গৰাকী লোকৰ মৃত্যু

ৰজাৰ বিন্নী বিচিচিআইৰ ৩৬ তম সভাপতি হিচাপে নিৰ্বাচিত হৈছে। বিশ্বকাপ বিজয়ী দলৰ সদস্য হিচাপে তেওঁ হৈছে বোৰ্ডৰ প্ৰথম সভাপতি। ৰজাৰ বিন্নীৰ আগতে আন চাৰিজন সভাপতি আছিল যিয়ে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিছে। তেওঁলোক হৈছে শিৱলাল যাদৱ, সৌৰভ গাংগুলী আৰু মহাৰাজকুমাৰ।   

ৰজাৰ বিন্নীক মঙলবাৰে ব’ৰ্ডৰ এজিএমত সৌৰভ গাংগুলীৰ স্থানত বিচিচিআইৰ সভাপতিৰ পদত স্থলাভিষিক্ত কৰা হয়। আনহাতে প্ৰাক্তন ভাৰতীয় অধিনায়কজনে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল (চিএবি)ৰ সভাপতি হিচাপে উভতি আহিব বুলি চৰ্চা শুনা গৈছে।

লগতে পঢ়ক: দিয়া হৈছিল আপ ত্যাগৰ হেঁচা! চিবিআইৰ জেৰাৰ পিছতে চিছ’দিয়াৰ বিস্ফোৰণ; প্ৰতিক্ৰিয়া চিবিআইৰ

বিচিচিআইৰ অন্যান্য নতুন কাৰ্যবাহীসকলৰ ভিতৰত আছে সচিব জয় শ্বাহ, আশীষ শ্বেলাৰ (কোষাধ্যক্ষ), ৰাজীৱ শুক্লা (উপ-সভাপতি) আৰু দেৱজিৎ শইকীয়া (যুটীয়া সম্পাদক)। বৰ্তমানৰ কোষাধ্যক্ষ অৰুণ ধুমল আই পি এলৰ নতুন অধ্যক্ষ হ’ব।

বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে জানিব পৰা গৈছিল যে সদস্যসকলে আলোচনা কৰিব যে বিচিচিআইয়ে আইচিচিৰ অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী প্ৰদান কৰিব নে নাই। কোৱা হৈছিল যে এই বৈঠকতে বৰ্তমানৰ অধ্যক্ষ গ্ৰেগ বাৰ্কলিক সমৰ্থন কৰা হ’ব নে নহয় তাৰো সিদ্ধান্ত লোৱা হ’ব।

লগতে পঢ়ক: সমুখত নিৰ্বাচন: বিজেপি কৰ্প’ৰেটৰ গাড়ীৰ পৰা উদ্ধাৰ এক কোটি টকা

আইচিচিৰ অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২০ অক্টোবৰ। আইচিচি বোৰ্ডৰ বৈঠক ১১ ৰ পৰা ১৩ নৱেম্বৰৰ ভিতৰত মেলবৰ্ণত অনুষ্ঠিত হ’ব। অৱশ্যে বৈঠকত বিষয়টো সন্দৰ্ভত কোনো আলোচনা হোৱা নাই।