মুক্ত অথবা গোপনে, ৰহিংগীয়াই অসমত বাহৰ পতাটো ভয়াৱহ ভৱিষ্যতৰ ইংগিত : সঃ অঃ গঃ মঃ দেঃ জাঃ পৰিষদ

"বাংলাদেশীপ্ৰেমীসকলক চিনাক্ত কৰক, 'জমিয়ত উলেমা-ই হিন্দ'ৰ মৰিগাওঁ সমিতিক তদন্তৰ আওতালৈ আনক" আহ্বান সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

অলপতে আৰক্ষীয়ে লামডিঙত আটক কৰা কেইজনমান ৰহিংগীয়া লোক।

অসমৰ বিভিন্ন ঠাইত শেহতীয়াভাৱে ৰহিংগীয়া শৰণাৰ্থী ধৰা পৰা আৰু বাহৰ পাতি যোৱাৰ তথ্য পোহৰলৈ অহাৰ ঘটনালৈ আঙুলিয়াই দি ৰাজ্যখনত মুক্ত অথবা গোপনে বিচৰণ কৰাটো ৰাজ্যখনৰ বাবে ভয়াৱহ ভৱিষ্যতৰ ইংগিত বুলি আজি এটা প্ৰেছ বিবৃতিযোগে জনাইছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে।

সংগঠনটোৰ সাধাৰণ সম্পাদক আজিজুল ৰহমান স্বাক্ষৰিত এটা বিবৃতি আজি নৰ্থ-ইষ্ট নাও-লৈ প্ৰেৰণ কৰা হয়।

“ইয়াৰ দ্বাৰা আমি বুজিব লাগিব যে এতিয়া দুই-এজন ৰহিংগীয়া শৰাণাৰ্থী অসমত সোমাইছে যদিও সুবিধা পালে যে লাখে লাখে ৰহিংগীয়া শৰণাৰ্থী অসমত প্ৰৱেশ কৰাবলৈ একাংশ লোকে সুবিধা বিচাৰি আছে, সেই কথা বুজিব পাৰিছো৷” বিবৃতিটোত কোৱা হয়।

অসম তথা ভাৰতত ৰহিংগীয়া প্ৰৱেশ কৰাৰ বাবে অসমৰ একাংশ বাংলাদেশৰ প্ৰতি দৰদ থকা লোকক আৰু লগতে অসম-ভাৰত চৰকাৰক দায়ী কৰে সংগঠনটোৱে।

বিশাল নিৰাপত্তা বাহিনীয়ে ভাৰত-বাংলা সীমান্তত পহৰা দি থকা অৱস্থাত ৰহিংগীয়াসকল অসম-ভাৰতত প্ৰৱেশ কেনেকৈ কৰে? বিয়োগোম সেনা-অৰ্ধসামৰিক বাহিনী, আৰক্ষী সীমান্তৰ সুৰক্ষাত নিয়োজিত হৈ থকাৰ পিছতো ৰহিংগীয়াই অসমত সোমাই কেনেদৰে বিচৰণ কৰি গ’ল ইয়াৰ শীঘ্ৰে তদন্ত হওক। বিবৃতিটোত এই আহ্বান সংগঠনটোৰ।

ইপিনে চৰকাৰক সমালোচনা কৰি সংগঠনটোৱে কয়, “অসমৰ পৰা বিদেশী খেদিম বুলি ৰাইজৰ ভোট লৈ চৰকাৰ গঠন কৰা দলটোৱে বিদেশী খেদা দূৰৰ কথা, বিদেশী দেশত সোমাবলৈহে ধৰাত অসমীয়া জাতি আজি চিন্তিত।”

বিবৃতিটোত কোৱা হয় যে চৰকাৰে বা চৰকাৰৰ লোকসকলে ৰহিংগীয়া ৰহিংগীয়া কৈ চিঞৰি থাকিলেই ৰহিংগীয়াৰ প্ৰব্ৰজন বন্ধ নহয়। “বিদেশী বহিষ্কাৰৰ কথা কৈ ভোট আদায় কৰিছিল আপোনালোকে। বৰ বৰ কথা কৈ শাসনলৈ অহাৰ পিছতো যদি বিদেশী অসমলৈ সোমাই আছে, তেন্তে শাসনত থকাৰ আপোনালোকৰ অধিকাৰ নাই বুলি আমি অনুভৱ কৰিছো।”, বিবৃতিটোত বিজেপি চৰকাৰখনক এইদৰে সমালোচনা কৰা হয়।

অসমত থকা বাংলাদেশীপ্ৰেমীসকলকো চৰকাৰে চিনাক্ত কৰিব লাগে বুলি দাবী তোলে সংগঠনটোৱে।

অসমত ৰহিংগীয়াক অবাধ বিচৰণত সহায় কৰা জমিয়ত উলেমা-ই হিন্দৰ মৰিগাঁও জিলা সমিতিৰ সভাপতিকে ধৰি অন্যান্য লোকসকলক আটক কৰি শীঘ্ৰে তদন্তৰ আওতালৈ আনিবলৈ দাবী তোলে সংগঠনটোৱে। ৰহিংগীয়াক সহায় কৰিবৰ বাবে পত্ৰ প্ৰচাৰ কৰা আৰু মৈৰাবাৰীত ৩দিন থাকি হোজাইলৈ যাত্ৰা কৰা ৰহিংগীয়া শৰণাৰ্থীৰ দলটোক সহযোগ কৰা প্ৰতিগৰাকী লোকক তদন্তৰ আওতালৈ অনাৰ দাবী জনায় বিবৃতিটোত। এইসকল লোকেই অসম আৰু অসমীয়াৰ প্ৰধান শত্ৰু বুলিও কোৱা হয়।