ম্যানমাৰত ৰোহিংগীয়াসকলক জোৰ কৰি সামৰিক বাহিনীত ভৰ্তি হ’বলৈ বাধ্য কৰাইছে জুন্টা চৰকাৰে

ফটো সৌজন্যঃ ইৰাৱডী নিউজ।

ম্যানমাৰৰ জুন্টা চৰকাৰে ৰোহিংগীয়া লোকক সেনাবাহিনীত ভৰ্তি হ’বলৈ বাধ্য কৰাইছে। জানিব পৰা মতে, আভ্যন্তৰীণ শৰণাৰ্থী হিচাপে শিবিৰত বাস কৰা ৰোহিংগীয়াসকলক সেনাবাহিনীত নিযুক্তি দিয়া হৈছে। অধিকাৰ কৰ্মী আৰু স্থানীয় বাসিন্দাসকলে কয় যে জুন্টাই এই ৰোহিংগীয়াসকলক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰে।

আভ্যন্তৰীণ শৰণাৰ্থী শিবিৰৰ পৰা কমেও ৪০০ ৰোহিংগীয়া লোকক বলপূৰ্বকভাৱে সেনাবাহিনীত নিযুক্তি দিয়াৰ পিছতে অধিকাৰ কৰ্মীসকলে এই তথ্য প্ৰদান কৰে।

সোমবাৰেও জুন্টা বাহিনীয়ে ৰাখাইনৰ বুথিডং টাউনশ্বিপৰ আন ৬৪ জন মুছলমান যুৱকক আটক কৰে। ইয়াৰ পূৰ্বে ২৩ ফেব্ৰুৱাৰীত অহ থেল মা গাঁৱৰ পৰা ১২ জন, নাৰ গাঁৱৰ পৰা ২ জন, আহ লেল চাউং গাঁৱৰ পৰা ২০ জন মুছলমান যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়কঃ আৰাকান আৰ্মীয়ে ছিটৱে বন্দৰৰ সমীপৰ স্থানসমূহ দখল কৰাৰ পিছত সংকটত অভিলাষী কালাডান প্ৰকল্পৰ ভৱিষ্যত

বুথিডং টাউনশ্বিপৰ এগৰাকী বাসিন্দাই নাৰিঞ্জাৰা নিউজক জনোৱা মতে, তিনিখন বাহনত জুন্টা বাহিনীৰ সদস্য উপস্থিত হৈ বলপূৰ্বক গ্ৰেপ্তাৰ অভিযান চলায়।

যোৱা ১৯ৰ পৰা ২০ ফেব্ৰুৱাৰীৰ ভিতৰত জুন্টা বাহিনীয়ে এনগা কিয়িং টাউক মুছলিম গাঁৱৰ পৰা ৫৫ জন লোকক গ্ৰেপ্তাৰ কৰে। ইয়াৰ উপৰিও পু জুন চাউং মুছলিম গাঁৱৰ পৰা ১৩ জন, লেট ৱে টাট এৱাৰ থিট আৰু লেট উই টাট এৱাৰ হাউং গাঁৱৰ ৪০ জন, পু জুন চাউং মুছলিম গাঁৱৰ পৰা ১৩ জন আৰু কিয়াকফিউ টাউং গাঁৱৰ পৰা ১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ম্যানমাৰৰ স্থানীয় সংবাদ মাধ্যমৰ মতে, আটক কৰা যুৱকসকলক ২০ ফেব্ৰুৱাৰীৰ পৰা ৩৫২, ৩৫৩ আৰু ৩৪৫ নং বেটেলিয়নৰ অধীনত সামৰিক প্ৰশিক্ষণ দিয়া হৈছে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বহু যুৱকে নিজৰ গাঁৱৰ পৰা পলাই গৈছে।

লগতে পঢ়কঃ এইবাৰ মধ্যপ্ৰাচ্যত নিষিদ্ধ এইখন হিন্দী চিনেমা; কিয় নিষিদ্ধ হ’ল ইয়ামি গৌতম অভিনীত ছবিখন?

জুন্টাই কিয়াউকফিউ চহৰৰ কিয়াউক টা লন মুছলমান শিবিৰৰ পৰা আভ্যন্তৰীণভাৱে স্থানচ্যুত হোৱা লোকৰ (১৮ৰ পৰা ৫৫ বছৰ বয়সৰ পুৰুষ) তালিকা প্ৰস্তুত কৰি ১৫০ জন লোকক বলপূৰ্বকভাৱে সামৰিক বাহিনীত যোগদান কৰাইছে।