পাছপোৰ্ট প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ বিখ্যাত ফুটবলাৰ ৰোনাল্ডিনহো

images

ৰোনাল্ডিনহো

ব্ৰাজিলৰ প্ৰাক্তন ফুটবলাৰ ৰোনাল্ডিনহোক পাৰাগুৱেত এক পাছপোৰ্ট প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।

ৰোনাল্ডিনহোৰ লগতে তেওঁৰ ভাতৃ ৰবাৰ্টো  এছিছকো ভুৱা পাছপোৰ্টৰ সৈতে দেশখনত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

৩৯ বছৰীয়া ৰোনাল্ডিনহো আৰু ৪৯ বছৰীয়া ৰবাৰ্টো ডে এছিছক বুধবাৰে নিশা আছুনছিয়নৰ পৰা প্ৰায়  ১৫ কিলোমিটাৰ দক্ষিণৰ ৰিছৰ্টতথা গ’ল্ফ ক্লাৱত তালাচী চলোৱাৰ পাছত দুয়োজনকে আটক কৰে।

পাৰগুৱেৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ৰোনাল্ডিনহোই ভুৱা পাছপোৰ্টলৈ দেশখনলৈ আহিছিল। এইটো এটা অপৰাধ আৰু তাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

তেওঁৰ ক্ৰীড়া জনপ্ৰিয়তাক সন্মান জনায়ো আইনৰ দোহাই দি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

পাৰাগুৱে আৰু ব্ৰাজিলৰ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে যে ৰোনাল্ডিনহো আৰু বাৰ্চিলোনাৰ প্লেমেকাৰ্ছৰ প্ৰাক্তন এজেন্ট এছিছে গ্ৰেপ্তাৰৰ পাছত হোটেলত আৰক্ষীৰ নজৰত আছে।

ৰোনাল্ডিনহোই ২০০২চনত বিশ্বকাপ বিজয়ী দলৰ সদস্য থকা আৰু ফিফাৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভৰ পাছত ফুটবলৰ পৰা ২০১৮ত অৱসৰ গ্ৰহণ কৰিছিল।