ৰোনাল্ডোৰ বিশ্ব অভিলেখ; চাৰিওটা ক্লাবতে সৰ্বাধিক গ’লৰ অভিলেখ CR7ৰ

ক্রিষ্টিয়ানো ৰোনাল্ডো ক্ৰীড়াপ্ৰেমীসকলৰ দৃষ্টিত ‘গ’ল মেচিন’৷ ১৭ বছৰ বয়সত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ পাছত তেওঁ ইটোৰ পাছত সিটো অভিলেখ গঢ়ি তুলিছে। চাৰিওটা ক্লাবতে সৰ্বাধিক গ’ল দিয়াৰ অভিলেখো শেহতীয়াকৈ ৰোনাল্ডো’য়ে গঢ়ি তুলিছে৷

ছৌদি প্ৰ’ লীগৰ ছিজনৰ অন্তিমখন মেচত আল নাছেৰে আল ইত্তিহাদক ৪-২ গ’লত পৰাস্ত কৰে।য’ত ৰোনাল্ডোৱে দুটা গ’ল দিয়ে। ইয়াত পৰ্তুগীজ তাৰকাগৰাকীয়ে ছৌদি ক্লাবৰ ইতিহাসত সৰ্বাধিক গ’ল দিয়াৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এই ছিজনত আল নাছেৰৰ হৈ ৩৫টা গ’ল দিছিল ৰোনাল্ডোৱে। ইয়াৰ পূৰ্বে ২০১৮-১৯ ছিজনত ক্লাব প্ৰতিযোগিতাখনৰ ইতিহাসত সৰ্বাধিক ৩৪টা গ’ল দিছিল আব্দুৰাজ্জাক হামদাল্লাই।মৰক্কোৰ তাৰকা ফুটবলাৰগৰাকীয়ে আল নাছেৰৰ হৈ এই গ’লসমূহ অৰ্জন কৰিছিল।

কেৱল ছৌদি ক্লাবেই নহয়, ইয়াৰ পূৰ্বে তেওঁ লা লিগা, ইটালীৰ ছিৰি এ, আনকি ইংৰাজী প্ৰিমিয়াৰ লীগতো এটা ছিজনত সৰ্বাধিক গ’লদাতাৰ অভিলেখ গঢ়িছিল। ৰোনাল্ডো হৈছে বিশ্বৰ একমাত্ৰ ফুটবলাৰ যিয়ে ৪ খন ভিন্ন ক্লাব প্ৰতিযোগিতাত সৰ্বাধিক গ’লদাতাৰ অভিলেখ গঢ়িছে।

২০০৩ চনত ইংলেণ্ডৰ মানচেষ্টাৰ ইউনাইটেডত যোগদান কৰে ৰোনাল্ডোৱে। ২০০৯ চনৰ পৰা ৰোনাল্ডোৱে মুঠ ৮৪টা গ’ল দিছে। ২০০৯ চনত ৰোনাল্ডো স্পেইনৰ ৰিয়েল মাদ্রিদলৈ গুচি যায়। ২০১৮ চনলৈকে স্পেনিছ লা লিগাত খেলি তিনিবাৰকৈ শীৰ্ষ স্ক’ৰাৰ হিচাপে পৰিগণিত হয়।

ৰোনাল্ডোৱে ২০১৮ চনৰ পৰা ২০২১ চনলৈ ইটালীৰ জুভেন্টাছত খেলিছিল। য’ত তেওঁ মুঠ ৮১টা গ’ল দিয়ে। ২০২১ চনত পুনৰ প্ৰথমটো ক্লাব মানচেষ্টাৰ ইউনাইটেডলৈ আহি ১৯টা চাৰ্ভিচ গ’ল দিয়ে।ৰোনাল্ডো ইউৰোপৰ পৰা ছৌদি আৰবলৈ আহি আল নাছেৰ ক্লাবত যোগদান কৰে। ছৌদি ক্লাবৰ হৈ তেওঁ মুঠ ৩৫টা গ’ল দিয়ে।