আজি গৰু বিহু : পুৰণিগুদামৰ থানঘৰৰ বাকৰিত চেমনীয়াৰ হুঁচৰি

চাওঁতে-চাওঁতে আহি পালেহি প্ৰতিজন অসমীয়াৰ চিৰ প্ৰত্যাশিত হেঁপাহৰ ৰঙালী বিহুটি। আজি গৰু বিহু, পুৱাই ৰাইজে পৰম্পৰাগতভাৱে ঘৰৰ গৰু কেইটাক মাহ-হালধীৰে নোৱাই-ধোৱাই গৰু বিহু উদযাপন কৰিছে।

আজি গৰু বিহুৰ দিনটোত নগাঁও জিলাৰ পুৰণিগুদামত চেমনীয়াৰ এটি দল একলগহৈ পুৰণিগুদামৰ পাৰঘাটস্থিত থানঘৰৰ বাকৰিত বিহুৰ লগতে হুঁচৰি মাৰে।

অংগাভিনয় নামৰ এটা নৃত্যানুষ্ঠানৰ উদ্যোগত বনশ্ৰী শৰ্মা নামৰ এগৰাকী স্থানীয় মহিলা আৰু ৰাজুমণি বৰা নামৰ এজন যুৱকৰ তৎপৰতাত চেমনীয়া দলটোৱে থলুৱা নৃত্য-গীতৰ প্ৰশিক্ষণ লৈ গৰু বিহুৰ দিনা ঐতিহাসিক থানঘৰৰ বাকৰিত আৰম্ভ কৰিছে বাপতিসাহোন বিহুটিক আদৰাৰ পৰম্পৰা।

উল্লেখযোগ্য যে প্ৰশিক্ষক দুগৰাকীয়ে বিগত এমাহ ধৰি চামগুৰি আৰু বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ শতাধিক শিশু, কিশোৰ-কিশোৰীক বিহু গীত, নাচ, ঢোল-পেঁপা-গগণা-সুতুলিৰ প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা নৃত্য-গীতৰো প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

কেৱল বিহুৰ সময়তেই নহয় গোটেই বছৰ জুৰি অংগাভিনয়ে অঞ্চলটোৰ শিশুসকলক থলুৱা কৃষ্টি-সংস্কৃতিৰ ওপৰত প্ৰশিক্ষণ প্ৰদানৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তা মণ্ডলিয়ে। ইফালে আজি চেমনীয়াৰ দলটোৱে থানঘৰৰ বাকৰিত মৰা হুঁচৰি চাবলৈ শতাধিক বিহুপ্ৰেমী ৰাইজে ভিৰ কৰে।