NORTHEAST NOW (Assamese)

গোলাঘাটৰ ন্যায়িক আদালত কক্ষত চিলিং খহি আঘাতপ্ৰাপ্ত তিনি কৰ্মচাৰী

September 16, 2021 7:07 pm · মীনাক্ষী ফুকন, গোলাঘাট
Updated: September 16, 2021 7:09 pm

গোলাঘাটৰ ন্যায়িক আদালতত অঘটন।গোলাঘাটৰ গড়কাপ্তানি বিভাগৰ চৌহদতস্থিত ২ নং ন্যায়াধিকৰ্তা আদালত কক্ষত মূৰৰ ওপৰৰ চিলিং খহি আঘাতপ্ৰাপ্ত হ’ল ৩ কৰ্মচাৰী।

বান্দৰৰ উপদ্ৰৱ‌ৰ ফলত জহি-খহি যোৱা আদালত কক্ষৰ চিলিংখন আজি আদালত চলি থকাৰ সময়তে হঠাৎ খহি পৰে।

ফলত আদালতত কৰ্মৰত লুইত কাকতি,অনুপল শৰ্মা আৰু জয়ন্ত ল‌ইং নামৰ তিনিজন কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

লুইত কাকতি নামৰ কৰ্মচাৰীজনৰ মূৰত গুৰুতৰভাৱে আঘাত পায়।

আঘাতপ্ৰাপ্ত তিনিওকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

তিনিওৰে এক্সৰে সম্পন্ন কৰে চিকিৎসকে।

Related News