NORTHEAST NOW (Assamese)

পঞ্জাবক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

May 30, 2025 8:38 am · এন ই নাও নিউজ, গুৱাহাটী

চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। ট্ৰফীৰ পৰা মাত্ৰ এখন মেচ দূৰত আছে আৰ চি বি। হেজলউডৰ অসাধাৰণ প্ৰদৰ্শনৰ আৰু ছল্টৰ বেটিঙৰ কোনো উত্তৰ নাছিল পঞ্জাৰ।

প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পঞ্জাবৰ দলটোৱে আৰম্ভণিতে বিপৰ্যয়ৰ সন্মুখীন হবলগীয়া হয়। প্ৰিয়াংশ আৰ্য্যক মাত্ৰ ৭ ৰান সংগ্ৰহ কৰি যশ দয়ালে বল কৰে। তাৰ পাছত প্ৰভসীমৰণ সিং (১৮) আৰু শ্ৰেয়াছ আয়ৰ (২) ইজনৰ পিছত সিজনকৈ আউট হয়। এটা সময়ত বেংগালুৰুৰ পেচ ষ্টাৰৰ আধিপত্যত পঞ্জাবে মাত্ৰ ৫০ ৰানত ৫টা উইকেট হেৰুৱাইছিল। এনে ভংগুৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ হোৱাটো কঠিন আছিলপঞ্জাবে ১৪.১ অভাৰত আটাকেইটা উইকেট হেৰুৱাই ১০১ ৰাণ সংগ্ৰহ কৰে।

কালিৰ দিনটোত যেন ফিল ছল্টে সকলো দায়িত্ব ললে। বিধ্বংসী বেটিঙেৰে পঞ্জাৰ বলিঙৰ সৈতে তেওঁ নিজেই খেলিবলৈ আৰম্ভ কৰিলে। শেষত ২৭টা বলত ৫৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ছল্ট। তেওঁ ৬টা চাৰি আৰু ৩টা ছয় কৰে। তেওঁ এককভাৱে লক্ষ্যৰ আধাতকৈ অধিক ৰাণ সংগ্ৰহ কৰি দলটোৱে অনায়াসে জয় লাভ কৰে

Related News