ত্রিপুৰা জনজাতীয় স্বায়ত্ত জিলা পৰিষদৰ নিৰ্বাচন: TIPRAৰ সন্মুখত ধূলিস্যাৎ বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁট

IMG_20210409_214934_copy_700x400

TIPRAৰ প্ৰধান প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন

ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনত শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক পৰাস্ত কৰিছে প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনৰ নেতৃত্বাধীন TIPRA-এ।

শনিবাৰে ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে।

ঘোষণা কৰা অনুসৰি ৰাজপৰিয়ালৰ উত্তৰাধিকাৰ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ নেতৃত্বাধীন TIPRA-এ ২৮ আসনত প্ৰতিদ্বন্দ্বিতা কৰি ১৬খন আসম লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে শাসকীয় বিজেপিৰ মিত্ৰজোঁটে লাভ কৰিছে মাত্ৰ ৯ খন আসন।

TIPRA(টিপ্ৰাচা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ’নেল এলায়েন্স)এ প্ৰতিদ্বন্দ্বিতা কৰা ২৩ খন আসনৰ ভিতৰত ১৬ খন আসনত জয়ী হৈছে। আনহাতে ইয়াৰ সহযোগী ইণ্ডিজেনাছ নেচনেলিষ্ট পাৰ্টি অৱ টুইপ্ৰা (আইএনপিটি)য়ে ২ খন আসন লাভ কৰিছে।

ইফালে ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ দীৰ্ঘ দিন শাসনত থকা বাওঁ ফ্ৰ’ণ্টে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। উল্লেখ্য যে বাওঁজোঁটে যোৱা নিৰ্বাচনত ২৮ খনৰ ভিতৰত ২৫ খনত জয়ী হৈ পৰিষদৰ ক্ষমতাত আছিল।

আনহাতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ আন দলসমূহেও এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল। বিজেপিয়ে মুঠ ১৪ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৯ খন আসনত লাভ কৰিবলৈ সক্ষম হৈছে।

এখন আসন লাভ কৰিছে ভৌমিকা নন্দ ৰেয়াগ নামৰ নিৰ্দলীয় প্ৰাৰ্থীয়ে। আনহাতে ভাৰতীয় জাতীয় কংগ্ৰেছে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল।

উল্লেখ্য যে ৩০ খন আসনবিশিষ্ট ত্ৰিপুৰা জনজাতীয় স্বায়ত্ত শাসিত জিলা পৰিষদৰ ২৮ খন আসনত যোৱা ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে দুজন সদস্য ৰাজ্যপালে মনোনীত কৰে।

কংগ্ৰেছ ত্যাগ কৰি নিৰ্বাচনৰ মাত্ৰ এমাহৰ পূৰ্বে প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনৰ নেতৃত্বত গঠন হোৱা টিপ্ৰাচা ইণ্ডিজেনাছ প্ৰগ্ৰেছিভ ৰিজিঅ’নেল এলায়েন্সৰ এই সাফল্যই ত্ৰিপুৰাৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত দিয়া বুলি ধাৰণা কৰা হৈছে।

এই বিজয়ৰ পিছতে TIPRAৰ নেতৃত্ব উৎফুল্লিত হৈ উঠা দেখা গৈছে। TIPRAৰ সাধাৰণ সম্পাদক অনিমেষ দেৱবাৰ্মাই কেৱল প্ৰদ্যুৎ কিশোৰ দেৱ বৰ্মনৰ বাবেই এই বিজয় সম্ভৱ হোৱা বুলি প্ৰকাশ কৰিছে। নিৰ্বাচনত দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব বুলিও নেতাগৰাকীয়ে প্ৰকাশ কৰে।