NORTHEAST NOW (Assamese)

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ১২ জুলাইত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়িত অনুষ্ঠিত কৰিব ৰোজগাৰ মেলা

July 11, 2025 12:37 pm · এন ই নাও নিউজ, গুৱাহাটী
ফাইল ফটো।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ২০২৫ চনৰ ১২ জুলাই তাৰিখে পুৱা ১০:৩০ বজাত গুৱাহাটী, ডিমাপুৰ আৰু শিলিগুড়ি-এই তিনিটা স্থানত ৰোজগাৰ মেলা অনুষ্ঠিত কৰিব। এই ৰোজগাৰ মেলাসমূহ ভাৰত চৰকাৰৰ দেশজোৰা নিয়োগ পদক্ষেপৰ অংশ ৰূপে আয়োজিত কৰা হৈছে।

ৰে’লৱে মন্ত্ৰালয়ে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ সহযোগত ৰোজগাৰ মেলাসমূহ আয়োজন কৰিছে, যাৰ মূল উদ্দেশ্য হ’ল কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদৰ বাবে নব-নিৰ্বাচিত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰা। যুৱক-যুৱতীসকলৰ সবলীকৰণ আৰু বৃহৎ পৰিসৰৰ চাকৰি সৃষ্টিৰ জৰিয়তে জনসেৱা শক্তিশালী কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সমগ্ৰ দেশতে একে সময়তে ৰোজগাৰ মেলা অনুষ্ঠিত কৰাৰ বাবে ৪৭টা স্থান চূড়ান্ত কৰা হৈছে; যিয়ে মেট্ৰ’চহৰৰ পৰা আৰম্ভ কৰি সৰু আঞ্চলিক কেন্দ্ৰলৈকে এক বহল ভৌগোলিক পৰিসৰ সামৰি লৈছে।

এই অনুষ্ঠানসমূহ ভাৰতীয় ৰে’লৱেৰ দ্বাৰা সমন্বয় কৰা হৈছে আৰু কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদসকল উপস্থিতি থাকি নিৰ্বাচিত প্ৰাৰ্থীসকলক ব্যক্তিগতভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই পদক্ষেপে যুবসমাজৰ বাবে নিযুক্তিৰ সুযোগ বৃদ্ধি কৰাৰ চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটায়।

উত্তৰ-পূব সীমান্ত ৰে’লৱে সংমণ্ডলত চৰকাৰী বিভাগসমূহৰ বিভিন্ন পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলক মুঠ ৬২৫ খন নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। গুৱাহাটীত এই অনুষ্ঠান “ৰং ভৱন”, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়, মালিগাঁৱত অনুষ্ঠিত হ’ব আৰু ইয়াত কেন্দ্ৰীয় বন্দৰ,জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব।

ডিমাপুৰত অনুষ্ঠানস্থলী হ’ব টাউন হল, চুপাৰ মাৰ্কেট লেন, হাফ নাগাৰ্জন, য’ত  কেন্দ্ৰীয় সংসদীয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকিব। শিলিগুড়িত, ৰোজগাৰ মেলা ভিআইপি অফিচাৰ্ছ ৰেষ্ট হাউচ, কাশ্মীৰ কলনী, নিউ জলপাইগুৰীত অনুষ্ঠিত হ’ব, য’ত পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী অজয় তামতা উপস্থিত থাকিব।

উত্তৰ-পূব সীমান্ত ৰে’লৱে এই ধৰণৰ উদ্যোগৰ জৰিয়তে যুৱ ৰোজগাৰৰ প্ৰসাৰ আৰু সৰ্বাংগীন বৃদ্ধিৰ সমৰ্থনৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় উন্নয়নত অৰ্থপূৰ্ণভাৱে অৰিহণা যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

Related News