• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেলুচিস্তানত বাছৰ পৰা নমাই নি ৯জন যাত্ৰীক গুলীয়াই হত্যা উগ্ৰপন্থীৰ; আক্ৰমণত জড়িত কোন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2025 12:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেলুচিস্তানত দুখন বাছৰ পৰা নমাই ৯ জন যাত্ৰীক গুলীয়াই হত্যা কৰে উগ্ৰপন্থীয়ে। বৃহস্পতিবাৰে নিশা যাত্ৰীসকলক প্ৰথমে অপহৰণ কৰাৰ পিছত গুলীয়াই হত্যা কৰা হয়। বেলুচিস্তানৰ জোহাব আৰু লোৰাৰাই জিলাৰ মাজৰ সুৰ-ডাকাই অঞ্চলত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।

জোহাব অঞ্চলৰ সহকাৰী আয়ুক্ত নবীদ আলমে জনোৱা মতে, নিহত আটাইকেইজন লোক পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ। বেলুচিস্তান চৰকাৰৰ মুখপাত্ৰ শ্বাহিদ ৰিন্দে কয় যে এই হত্যাকাণ্ডত ‘ফিতনা আল হিন্দুস্তান’ নামৰ এটা উগ্ৰপন্থী সংগঠন জড়িত হৈ আছে।

Apply Now

বৃহস্পতিবাৰে নিশা উগ্ৰপন্থীয়ে কাকাত, মস্তুংগ আৰু সুৰ-ডাকাই অঞ্চলত আক্ৰমণ চলায়। উগ্ৰপন্থীয়ে সুৰ-ডাকাই অঞ্চলত দুখন বাছৰ পৰা ১০ জন যাত্ৰীক নমাই আনিছিল। ৯ জন লোকক গুলীয়াই হত্যা কৰা হয়।

উগ্ৰপন্থীয়ে আৰু কেইজনমান যাত্ৰীক অপহৰণ কৰিছে নে নাই সেই সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰা হৈছে। উগ্ৰপন্থীক বিচাৰি কম্বিং অপাৰেচন অব্যাহত আছে। তেওঁ দাবী কৰে যে কাকাত আৰু মস্তুংগ অঞ্চলত উগ্ৰপন্থীৰ আক্ৰমণ নিৰাপত্তা বাহিনীয়ে বিফল কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, কুৱেটাৰ পৰা লাহোৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ ৭০ত দুখন বাছত গৈ আছিল কেইবাজনো যাত্ৰী। সুৰ-ডাকাই অঞ্চলত বন্দুক দেখুৱাই দুয়োখন বাছ ৰখাই দিয়ে সশস্ত্ৰ উগ্ৰপন্থীয়ে। হাতত অত্যাধুনিক ৰাইফল লৈ বাছ দুখনত উঠি যাত্ৰীসকলক পৰিচয় পত্ৰ দেখুৱাবলৈ কয়।

ইয়াৰ পিছতে এখন বাছৰ পৰা সাতজন আৰু আনখন বাছৰ পৰা তিনিজনক লৈ গৈ সেই স্থানৰ পৰা কিছু দূৰলৈ লৈ যায়। যাত্ৰীকেইজনক নিয়াৰ পূৰ্বে উগ্ৰপন্থীয়ে বাছ চালক দুজনক সেই অঞ্চল এৰি যাবলৈ কয়। উগ্ৰপন্থীৰ পৰা কেনেবাকৈ পলায়ন কৰা এজন যাত্ৰীয়ে আৰক্ষীক জনাইছে যে তেওঁ বন্দুকৰ গুলীৰ শব্দ শুনিছিল।

আৰক্ষী আৰু স্থানীয় সূত্ৰৰ মতে, বাছ যাত্ৰীসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰাৰ সময়ত উগ্ৰপন্থীয়ে নিৰ্বাচিতভাৱে পঞ্জাৱ প্ৰদেশৰ কোন কোন সেইটো পৰীক্ষা কৰি আছিল। বেলুচিস্তানৰ বিভিন্ন ঘাইপথত যাত্ৰীবাহী বাছত আক্ৰমণ চলোৱাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বেও পঞ্জাৱ প্ৰদেশৰ লোকক লক্ষ্য কৰি লোৱা হৈছে।

শুকুৰবাৰে পুৱালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে পাকিস্তান চৰকাৰৰ এক সূত্ৰই প্ৰকাশ কৰিছে যে বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে। তেওঁলোকে ঘাইপথ অৱৰোধ কৰি মুছাখিল-মাখতাৰ আৰু খাজুৰি অঞ্চলৰ মাজত যাত্ৰীকেইজনক গুলীয়াই হত্যা কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

ডিমা হাচাও : খুলি দিয়া হ’ল খাণ্ডং বান্ধৰ সাতখন গেট : কপিলী নদীৰ পাৰৰ ৰাইজৰ বাবে সতৰ্কবাণী প্ৰশাসনৰ

June 22, 2026 9:22 pm
ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

ন্যায়াধীশসকলৰ লণ্ডন ভ্ৰমণৰ মিছা খবৰ সামাজিক মাধ্যমৰ পৰা আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

June 22, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd