এদিনতে ২২৩কোটি টকাৰ ব্যৱসায় কৰি ‘বাহুবলী-২’ৰ অভিলেখ ভংগ কৰিলে ৰাজামৌলিৰ RRR-য়ে

WhatsApp Image 2022-03-27 at 10.41.08 AM

দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অৱশেষত মুক্তি পাইছে ৰাজামৌলিৰ আন এখন বিগ বাজেটৰ ছবি ‘RRR’য়ে। ২৫মাৰ্চত মুক্তি পোৱা ছবিখনে এদিনতে বিশ্বজুৰি ২২৩কোটি টকাৰ ব্যৱসায় কৰিছে। অকল ভাৰততে ছবিখনে এদিনত ১৫৬কেটি টকা সংগ্ৰহ কৰিছে।

ৰাজামৌলিয়ে এইদৰে তেওঁৰ নিজৰেই অভিলেখ ভংগ কৰিছে। তেওঁৰ ছবি ‘বাহুবলী-২’য়ে এদিনত ১২১ কোটি টকাৰ ব্যৱসায় কৰি অভিলেখ গঢ়িছিল।  

ৰাজামৌলিৰ ‘ৰাইজ ৰ’ৰ ৰিভ’ল্ট’ক লৈ আৰম্ভণিৰে পৰাই দৰ্শকৰ প্ৰবল আগ্ৰহ আছিল। কিন্তু কৰ’না পৰিস্থিতিত কেইবাবাৰো ছবিখনৰ মুক্তিৰ দিন স্থগিত হৈছিল। ছবিখনৰ প্ৰচাৰ আৰম্ভ কৰাৰ সময়তে কৰ’নাৰ তৃতীয় ঢৌ আহি পৰিছিল।

বহুতেই ছবিখন অ’টিটি প্লেটফৰ্মতে মুক্তি দিব বুলিয়েই ধাৰণা কৰিছিল। ছবিখনৰ কলা-কুশলীসকলো ছবিখন মুক্তি নোপাৱোৰ বাবে চিন্তিত হৈ পৰিছিল। অৱশেষত RRR মুক্তি পালে।

ছবিখনত ৰামচৰণ আৰু জুনিয়ৰ এনটিআৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। অজয় দেবগণ আৰু আলিয়া ভাটেও ছবিখনক আন এক মাত্ৰা প্ৰদান কৰিছে। ছবিখনৰ নিৰ্মাণত পৰিচালকে তিনিশ কোটিতকৈয়ো অধিক টকা খৰচ কৰিছে। অৱশ্যে মুক্তি প্ৰথম দিনটোতে ছবিখনে কৰা ব্যৱসায়ে গোটেই দলটোক সকাহ আনি দিছে।

ছবিখন মুঠ পাঁচটা ভাষাত মুক্তি লাভ কৰিছে। তেলেগুৰ উপৰি তামিল, কানাড়া, মালয়ালম আৰু হিন্দীত মুক্তি পোৱা ছবিখনে দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰিছে।

জানিব পৰা মতে, ছবিখনে এদিনত কৰ্ণাটকত ১৪.৫কোটি, তামিলনাডুত ১০ কোটি, কেৰালাত ৪কোটি আৰু উত্তৰ ভাৰতত ২৫কোটি টকাৰ ব্যৱসায় কৰিছে। তদুপৰি, RRR-য়ে আমেৰিকাত ৪২কোটি আৰু আমেৰিকাৰ বাহিৰে আন দেশবোৰত ২৫কোটি টকাৰ ব্যৱসায় কৰিছে। এইদৰে মুঠতে ছবিখনে এদিনতে ২২৩কোটি টকাতকৈয়ো অধিক ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে বলীউদৰ কোনো ছবিয়ে এতিয়ালৈকে মুক্তিৰ দ্বিতীয় সপ্তাহৰ ভিতৰতো ইমান অংকৰ ব্যৱসায় কৰিব পৰা নাই।