১৬ লাখ টকা, ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু ৰাজনৈতিক সমীকৰণ

Dr Samujjal Kumar Bhattacharya

ৰাজনীতি ৰক্তবিহীন যুদ্ধ আৰু যুদ্ধ ৰক্তাক্ত ৰাজনীতি। বহুল প্রচাৰিত আৰু অত্যন্ত প্ৰাসংগিক এই আপ্তবাক্যশাৰী স্বাভাৱিকতেই অসমৰ ৰাজনীতিটো প্ৰযোজ্য৷

এখন ৰাষ্ট্ৰলৈ আহিব পৰা ভয়ংকৰ সংকট প্ৰথমতেই শত্ৰুক আক্ৰমণ কৰা নীতিয়েহ হ’ল অন্যতম উত্তম কৌশল। বিশ্বৰ ৰাজনীতিত এনে কৌশল চাৰিওদিশে শত্ৰুৱে আগুৰা ইহুদী ৰাষ্ট ইজৰাইলে গ্ৰহণ কৰি আহিছে। ১৯৬৭ চনত মিচৰ, চিৰিয়া আদি দেশে একত্ৰিত ভাৱে ইজৰাইল আক্ৰমণৰ প্রস্তুতিৰ তথ্য লাভ কৰাৰ পাছতেই ইজৰাইলৰ বিমান বাহিনীয়ে আক্ৰমণ কৰি সেই শত্ৰু দেশকেইখনৰ বিমানসমূহ এয়াৰপৰ্টতে ধ্বংস কৰি দিছিল। ৩ খন ৰাষ্ট্ৰ বিৰুদ্ধে ইজৰাইল জয়ী হৈছিল মাত্ৰ ৬ টা দিনত।

একেদৰে পৰমাণু শক্তি আহৰণেৰে আনবিক বোমা নিৰ্মাণৰ ইৰাক আৰু চিৰিয়াৰ প্রকল্প ইজৰাইলে বোমাৰে ধ্বংস কৰি পৰমাণু বোমা আহৰণৰ পথ চিৰদিনলৈ ৰূদ্ধ কৰি দিছিল। ইৰাণৰো এজনৰ পাছত এজন পৰমাণু বিজ্ঞানীক হত্যা কৰি, পৰমাণু প্রকল্পত বিভিন্ন কৌশলেৰে বিজুতিৰ সৃষ্টি কৰি পৰমাণু বোমা নিৰ্মাণত ধাৰাবাহিকভাৱে বাধাৰ সৃষ্টি কৰি আহিছে। ইজৰাইলে জানে যে, কেনেবাকৈ এই ইছলামিক ৰাষ্ট্ৰসমূহে পৰমাণু বোমা আহৰণ কৰিবলৈ হ’লে ইজৰাইলক নিঃশেষ কৰি পেলাব৷

একেদৰে ৰাজনীতিতো নতুনকৈ এটা শক্তি প্ৰৱেশ কৰাটো কোনো ৰাজনৈতিক নেতাই স্বাভাৱিকতেই বাঞ্ছা নকৰে। সেয়া নিজৰ দলত নহওঁক কিয় লাগে। অৰ্থাৎ এটা নতুন “পলিটিকেল পাৱাৰ পইণ্ট” সৃষ্টিৰ অংকুৰণতে সৰ্বতো প্রকাৰে বাধা দিব। অসমৰ ৰাজনীতিও এই ধাৰাৰ পৰা বিচ্ছিন্ন নহয়।

বিগত প্রায় অৰ্দ্ধশতিকাৰ অসমৰ ৰাজনীতিত যদি বিহংগমৰ দৃষ্টিৰে দৃষ্টিপাত কৰা হয় তেন্তে দেখা পাওঁ যে, বিগত শতিকাৰ ৭০’ৰ দশকত ৰাষ্ট্ৰৰ সৰ্বশক্তিমান প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিছিল। এনে একনায়কত্ববাদী শ্বাসৰূদ্ধ ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ বিৰুদ্ধে জৰুৰী অৱস্থাৰ অন্তত আয়োজিত নিৰ্বাচনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ দল পৰাভূত হৈছিল আৰু দিল্লীৰ লগতে অসমৰ দিছপুৰতো স্বাধীনতাৰ পাছত প্রথমখন অকংগ্ৰেছী চৰকাৰ মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ নেতৃত্বত গঠিত হৈছিল।

একেদৰে ১৯৮৫ চনত অসম গণ পৰিষদ গঠনৰ মাত্ৰ দুটা মাহৰ ভিতৰতে দিছপুৰ দখল কৰিবলৈ সক্ষম হৈছিল। একেদৰে ২০১১ চনত অসমত বিধানসভা নিৰ্বাচনত বৃহৎ জয় সাব্যস্ত কৰা কংগ্ৰেছ দলৰ ২০১৬ চনৰ নিৰ্বাচনত বিজেপিৰ হাতত পৰাভূত হ’ব বুলি তেতিয়া কোনেও ভবা নাছিল। উল্লেখযোগ্য যে ২০১১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে অসমত দখল কৰা আসনৰ সংখ্যা আছিল মাত্ৰ ৫ খন ৷

বহু সীমাবদ্ধতাৰ সত্বেও আমাৰ ৰাষ্ট্ৰ সাংবিধানিক নিৰ্বাচনী ব্যৱস্থাটোৰ বৈশিষ্ট্য আৰু বৈচিত্ৰতাৰ এয়া দুটামান উদাহৰণহে। গতিকে যিমান শক্তিমান হ’লেও ৰাজনৈতিক নেতৃত্বধাৰী সকলৰ খোপনি স্থায়ী নহয়। প্রতি মুহূৰ্ততে থাকে সংকটৰ সম্ভাৱনা। অসমৰ সমাজতো এনে কিছু ৰাজনৈতিক ব্যক্তি আৰু শক্তি আছে যি বহু তথাকথিত স্বয়স্থু আধুনিক চাণক্যৰ ৰাজনৈতিক সমীকৰণত আউল লগাব পাৰে। ওপৰৰ পৰা তৃণমূল পৰ্যায়লৈকে থকা ৰাজনৈতিক দলৰ ভেটি, হিতাধিকাৰীৰ সমূহ ভোটবেংক আৱেগ, আৰু ৰাজনৈতিক পৰিৱৰ্ত্তনৰ উচ্ছাসত উটি যাব পাৰে।

স্পষ্টত পাৰে নে নোৱাৰে সেয়া অন্য প্রসঙ্গ, কিন্তু প্ৰতিষ্ঠিত ৰাজনৈতিক নেতা সেই ভয়ৰ পৰা কোনো স্বত্বতে মুক্ত নহয়৷ শেহতীয়াকৈ ২০১৬ চনৰ নিৰ্বাচনটোৱেই হ’ল তেনে এটা উদাহৰণ। কংগ্ৰেছ দলৰ নেতৃত্বৰ দীৰ্ঘদিনীয়া নিৰ্বাচনী অভিজ্ঞতা, মাজনী, মামণি, ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ পৰা বিভিন্ন হিতাধিকাৰী সৃষ্টি কৰা ভোটবেংক, বৃহৎ কৰ্মী বাহিনীৰে সু-সংগঠিত সাংগঠনিক ভেঁটি পৰিৱৰ্ত্তনৰ ৰাজনৈতিক ধুমুহাৰ আৱেগ আৰু উচ্ছাসৰ সন্মুখত উটি-ভাহি ধ্বংস হৈ গ’ল।

সামাজিক মাধ্যম আৰু কিছু সংবাদ মাধ্যমতো মাত্ৰ এটা বছৰৰ পাছতে অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচন সম্বন্ধত এটা খবৰ প্রচাৰিত হৈছিল। সেয়| হ’ল “আছু”ৰ মুখ্য-উপদেষ্টা ড° সমুজ্জ্ৰল কুমাৰ ভট্টাচাৰ্যই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। ব্যক্তিগৰাকীৰ ভাল-বেয়া, বিভিন্ন সীমাবদ্ধতা সত্বেও স্বদেশ-স্বজাতিৰ প্রতি বিশেষ কিবা কৰিব পাৰিবনে নোৱাৰে সেই দিশটো তৰ্কৰ উৰ্দ্ধত নহয়। কিন্তু এটা দিশ তৰ্কাতীত যে বহুটো প্রতিষ্ঠিত ৰাজনীতি কৰা ব্যক্তি আৰু লবীৰ বৰ্তমানৰ মসৃণ গতিত সংকটৰ সৃষ্টি কৰিব। এয়া নিশ্চিত নহয় যে তেওঁ দলীয় ৰাজনীতিত প্রৱেশ কৰিব নে নকৰে। ভৱিষ্যতৰ বুকুত সিদ্ধান্তৰ পৰিৱৰ্তন হ’বও পাৰে।

সেয়েহে কোনো তথ্য-প্রমাণ অবিহনে হিতেশ দেৱশৰ্মা বোলাজনে “প্রতীক হাজেলাৰ পৰা মাহে ১৬ লাখ লোৱা”ৰ খবৰ প্রকাশ কৰিলে। যাতে অসমৰ ৰাজনীতিত এক প্রত্যাহ্থানপূৰ্ণ শক্তি প্রৱেশ কৰাৰ পূৰ্বেই তেওঁক ৰাজনৈতিকভাৱে হত্যা কৰিব পাৰে।

(লেখকৰ ম’বাইল নম্বৰ: ৯৪০১১০১৭০৪)