গুৱাহাটীত দিন দুপৰতে বিএছএফৰ কমাণ্ডেন্টৰ পৰা কাঢ়ি নিলে ৪.৫ লাখ টকা

Robbery.-Photo-credit-Khas-Khabar-750x375

প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটীত পুনৰ চুৰি-ডকাইতিৰ ঘটনা বৃদ্ধি পোৱাত মহানগৰবাসীৰ মাজত শংকাৰ সৃষ্টি হৈছে। সুৰক্ষা বাহিনীৰ বেষ্টনিৰ মাজত থকা বুলি গুৱাহাটীৰ নাগৰিকসকলে সন্তুষ্টি লভাৰ দিন যেন উকলি গৈছে। মহানগৰীৰ মাজমজিয়াতে শনিবাৰে সংঘটিত এটা দিন ডকাইতিৰ ঘটনাই সেই কথা স্পষ্ট কৰিছে।

সীমান্ত সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট এজনৰ হাতৰ পৰা শনিবাৰে দুষ্কৃতিকাৰীয়ে ৪.৫ লাখ টকা কাঢ়ি নিয়াৰ ঘটনাই বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে, গুৱাহাটীৰ ছয়মাইলৰ বাসিন্দা তথা সীমান্ত সুৰক্ষা বাহিনীৰ ১৭৪ কোম্পানীৰ কমাণ্ডেণ্ট ফণীন্দ্ৰ চৌধুৰীয়ে শনিবাৰে পত্নীৰ সৈতে ভাৰতীয় ষ্টেট বেংকৰ ছয়মাইল শাখালৈ টকা উলিয়াবলৈ আহিছিল।

বেংকৰ পৰা ৪.৫ লাখ টকা উলিয়াই কমাণ্ডেণ্ট চৌধুৰীয়ে বাহিৰলৈ ওলাই ফোনত কথা পাতি থকাৰ সময়তে পালছাৰ মটৰচাইকেলত উঠি অহা দুজন যুৱকৰ এজনে কমাণ্ডেণ্ট চৌধুৰীৰ হাতৰ পৰা ৪.৫ লাখ টকাৰ বেগটো কাঢ়ি লৈ পলায়ন কৰে।

কমাণ্ডেণ্ট চৌধুৰীয়ে ঘটনা সন্দৰ্ভত দিচপুৰ থানাত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্তত বেংকৰ পৰাই কমাণ্ডেণ্টজনক অনুসৰণ কৰি দুৰ্বৃত্তই টকা লুট কৰি নিয়া বুলি সন্দেহ কৰিছে।

আনহাতে, বেংকৰ চি চি টিভি কেমেৰাৰ ফুটেজ প্ৰত্যক্ষ কৰি এজন যুৱকক এই টকা লুট কৰা ঘটনাত জড়িত থাকিব পাৰে বুলি আৰক্ষীয়ে দাবী কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত বহু সময় ধৰি উত্তেজনা অব্যাহত থাকে।