কলকাতাৰ ব্যৱসায়ীৰ বাসগৃহত অভিযান এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ: উদ্ধাৰ নগদ ৭ কোটি টকা

Rs 7 crore seized in ED raid on KolkatA

এক মোবাইল গেমিং এপৰ জৰিয়তে জালিয়াতিৰ গোচৰ সন্দৰ্ভত কলকাতাৰ ছয়টাকৈ স্থানত আজি তালাচী চলায় এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। অভিযানৰ সময়ত তদন্তকাৰী দলটোৱে কলকাতাৰ গাৰ্ডেন ৰিচ এলেকাত আমিৰ খান নামৰ এগৰাকী ব্যৱসায়ীৰ চৌহদত নগদ ৭ কোটি টকাৰ লগতে সম্পত্তিৰ নথিপত্ৰ জব্দ কৰে।

অভিযানকাৰী দলটোৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে এতিয়ালৈকে তালাচী চলাই থকা হৈছে। উদ্ধাৰ হোৱা নগদ ধনৰ সঠিক পৰিমাণ উলিয়াবলৈ নগদ ধন গণনা যন্ত্ৰ আনিব লগীয়া হয় বুলি বিষয়াগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে ফেডাৰেল বেংক কৰ্তৃপক্ষই আমিৰ খান আৰু আন কেইগৰাকীমান ব্যক্তিৰ বিৰুদ্ধে ই-নাগেটছ নামৰ এটা মোবাইল গেমিং এপৰ ব্যৱহাৰকাৰীসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

তাৰ পিছতে অভিযুক্তসকলৰ বিৰুদ্ধে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল।

এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে এক বিবৃতিত উল্লেখ কৰিছে যে প্ৰাৰম্ভিক সময়ছোৱাত গেমটোৰ ব্যৱহাৰকাৰীসকলক কমিছনেৰে পুৰস্কৃত কৰা হৈছিল। গেমিং এপটোৰ ৱালেটত সংগ্ৰহ হোৱা ধনো কোনো অসুবিধা নোহোৱাকৈ বেংক একাউন্টলৈ সোমোৱাব পৰা হৈছিল।

এইদৰে ব্যৱহাৰকাৰীসকলৰ মাজত বিশ্বাস গঢ়ি তোলাৰ পাছত এপটোৰ ব্যৱহাৰকাৰীসকলে অধিক পৰিমাণৰ বিনিয়োগ আৰম্ভ কৰিছিল। কিন্তু হঠাতে এপটোৰ পৰা ধন উলিওৱা সুবিধা বন্ধ কৰা হৈছিল।

তাৰ পাছতেই আন আন অজুহাতত প্ৰ’ফাইল তথ্যসহ সকলো ডাটা উক্ত এপ চাৰ্ভাৰৰ পৰা মচি পেলোৱা হৈছিল। ইয়াৰ পাছতে ব্যৱহাৰকাৰীসকলে এই জালিয়াতিৰ কৌশল অনুধাৱন কৰিব পাৰিছিল বুলি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে লগতে উল্লেখ কৰে।