পুনৰ বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ হৈছে টকা। এজন চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ নগদ ধন। উদ্ধাৰ হোৱা ধনৰ পৰিমাণ ৮৫ লাখতকৈও অধিক হ’ব। তালাচী অভিযানৰ সময়ত তদন্তকাৰী বিষয়াসকলে এই নগদ ধন উদ্ধাৰ কৰে।
কিন্তু এই ঘটনা অসমৰ নহয়, মধ্য প্ৰদেশৰহে। সেই ৰাজ্যৰ এজন চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা আয়ৰ সৈতে সামঞ্জস্যহীন এই বৃহৎ পৰিমাণৰ নগদ ধনউদ্ধাৰ হয়। কৰ্মচাৰীজন মধ্য প্ৰদেশৰ চিকিৎসা শিক্ষা বিভাগত কৰ্মৰত বুলি কোৱা হৈছে।
লগতে পঢ়ক: পুনৰ আৰম্ভ আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত যুদ্ধ, বহু সৈনিক নিহত
এক অবৈধ সম্পত্তিৰ গোচৰৰ তদন্ত কৰি থকা মধ্য প্ৰদেশ চৰকাৰৰ অৰ্থনৈতিক অপৰাধ শাখাৰ তদন্তকাৰী বিষয়াসকলে তেওঁলোকৰ অভিযানৰ সময়ত এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ৰাজ্যখনৰ চিকিৎসা শিক্ষা বিভাগত কাম কৰা অভিযুক্ত কৰ্মচাৰীজনক হিৰো কেশৱানী বুলি চিনাক্ত কৰা হৈছে। মধ্য প্ৰদেশ চৰকাৰৰ অৰ্থনৈতিক অপৰাধ শাখাই গোপন সূত্ৰৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত ভিত্তি কৰি কৰ্মচাৰীজনৰ ঘৰত তালাচী চলাইছিল।
তালাচীৰ সময়ত তেওঁলোকে ঘৰটোত ঠাকে ঠাকে টকাৰ বাণ্ডিল সজাই থোৱা দেখা পায়। আৰক্ষীয়ে ৮৫ লাখতকৈও অধিক নগদ টকা উদ্ধাৰ কৰে।
লগতে পঢ়ক: অৱশেষত বিৰোধীৰ প্ৰতিবাদত বাতিল হ’ল ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, ২০১৯
বাতৰি অনুসৰি, যেতিয়া কেশৱানীয়ে চাকৰি লাভ কৰিছিল তেতিয়া তেওঁৰ দৰমহা আছিল মাত্ৰ ৪হাজাৰ টকা। তেওঁ বৰ্তমান প্ৰায় ৫০ হাজাৰ টকা উপাৰ্জন কৰে। কিন্তু ৮৫ লাখকৈ নগদ টকা কেনেকৈ তেওঁৰ ঘৰলৈ আহিল? তদন্তকাৰী বিষয়াসকলৰ বাবে এইটোৱেই প্ৰশ্ন।
তদন্তকাৰী বিষয়াসকলে তেওঁৰ ধনৰ উৎস জানিব বিচাৰে। তদুপৰি ঘৰটোৰ পৰা বহুতো সম্পত্তিৰ নথি পত্ৰও উদ্ধাৰ কৰা হৈছে। কেশৱানীৰ প্ৰায় ৪ কোটি টকাৰ সম্পত্তি আছে বুলি অনুমান কৰা হৈছে। নগদ ধনৰ লগতে হিৰো কেশৱানীৰ ঘৰত প্ৰায় ১.৫ কোটি টকাৰ মূল্যৱান সামগ্ৰীও পোৱা গৈছে।
ইপিনে, অভিযুক্ত চৰকাৰী কৰ্মচাৰী হিৰো কেশৱানী নগদ ধন উদ্ধাৰৰ পিছতে অসুস্থ হৈ পৰে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে তালাচী অভিযান চলি থকাৰ সময়তে কেশৱানীয়ে কিবা ‘বিষজাতীয়’ পদাৰ্থ খাইছিল আৰু তাৰ পিছতে তেওঁ অসুস্থ হৈ পৰে। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে।
সেইদৰে, অসুস্থতাৰ বাবে এতিয়াও অৰ্থনৈতিক অপৰাধ শাখাৰ বিষয়াসকলে কেশৱানীক জেৰা কৰিব পৰা নাই।