• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছত যোগদান আৰ এছ এছৰ স্বয়ংসেৱকৰ; “অসমৰ ৩০ শতাংশ আৰ এছ এছে কংগ্ৰেছক ভোট দিব”

নিৰ্বাচনৰ মাজতে আৰ এছ এছৰ স্বয়ংসেৱক, বাওঁপন্থী ছাত্ৰনেতাসহ শতাধিকৰ কংগ্ৰেছত যোগদান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 17, 2019 12:53 pm
Guwahati- congress joining

কংগ্ৰেছত যোগদান কৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মী হৰিশংকৰ কুমাৰ দেৱনাথ (হৰিশ ৰাৱতৰ কাষত খাকী পোচাকত)। ফটো : য়ু বি।

1.8k
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ ভৰপকৰ সময়তে ৰাজনৈতিক দল, সংগঠনৰ নেতা-কৰ্মীৰ বিভিন্ন দলৰ পৰা আৰু দললৈ আগমন-নিৰ্গমন চলি থকা প্ৰক্ৰিয়াটোক নতুন মাত্ৰা দি আজি এজন আৰ এছ এছ স্বয়ংসেৱকে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু তত্ত্বাৱধায়ক হৰিশ ৰাৱতৰ উপস্থিতিত দলটোত যোগদান কৰে স্বয়ংসেৱক হৰিশংকৰ কুমাৰ দেৱনাথে। তেওঁ সুদীৰ্ঘ ২৬ বছৰ আৰ এছ এছত আছিল।

“আৰ এছ এছত ২৬ বছৰ থাকি বুজি পাইছো- আৰ এছ এছে যুৱকসকলৰ বিবেক কিনি লয়। তেওঁলোকে বিবেক খটাই চিন্তা কৰিব নোৱৰা হৈ পৰে”, দেৱনাথে এৰি অহা সংগঠনটোৰ সমালোচনাত সৰৱ হৈ কয়।

তেওঁ বিজেপিক উৎখাত কৰিবলৈ কংগ্ৰেছত যোগদান কৰা বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

ইয়াতকৈও বিস্ফোৰক মন্তব্যৰে “অসমৰ প্ৰায় ৩০ শতাংশ আৰ এছ এছে এইবাৰ কংগ্ৰেছক ভোট দিব” বুলি তেওঁ দাবী কৰে।

এতিয়াৰ আৰ এছ এছ আৰু বিজেপিয়ে ভাৰতক সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশৰ পিনে নিছে বুলি অভিযোগ কৰে সদ্য প্ৰাক্তন স্বয়ংসেৱকজনে। ৰাষ্ট্ৰৰ হিতৰ বাবে কাম কৰিবলৈ সংঘাতত থকাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰি কাকো কোনো সাম্প্ৰদায়িক সংগঠনত যোগ নিদিবলৈ আহ্বানো জনায়।

আদৰ্শগতভাৱে বিৰাট দূৰত্ব থকা সংগঠনটোৰ অসমৰ ৩০ শতাংশ কৰ্মীয়ে এইবাৰ কংগ্ৰেছত ভোট দিব বুলিও তেওঁ দাবী কৰে।

“অসমৰ বৰ্তমানৰ একাংশ আৰ এছ এছে বিজেপিৰ লগত লগ লাগি যি ৰাজনৈতিক কাৰচাজি কৰি আছে সেইবিলাকে আমাৰ পুৰণি আৰ এছ এছ কৰ্মীসকলে ভাল পোৱা নাই। সেয়ে অসমৰ প্ৰায় ৩০ শতাংশ আৰ এছ এছৰ মানুহে এইবাৰ বিজেপিক বাদ দি কংগ্ৰেছক ভোট দিবলৈ আগ বাঢ়ি আহিছে”, যোগদান অনুষ্ঠানটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে একে শাৰীৰ আসন শুৱনি কৰা হৰিশংকৰ কুমাৰ দেৱ নাথে কয়। “ইয়াৰ দায়িত্ব মই লৈছো”, তাৎপৰ্য্যপূৰ্ণ মন্তব্য নাথৰ।

আনহাতে, একেটা যোগদান অনুষ্ঠানতে কংগ্ৰেছত যোগ দিয়ে সৰ্ব ভাৰতীয় ছাত্ৰ ফেডাৰেইশ্যনৰ গুৱাহাটীৰ সভাপতি হৃষীকেশ কলিতা, ষ্টুডেণ্ট ফেডাৰেইশ্যন অব ইণ্ডিয়াৰ কৰ্মী বীথিকা দাস, ইণ্ডিয়ান পীপ’লছ থিয়েটাৰ এছ’চিয়েশ্যনৰ সদস্য দিগন্ত দাস আৰু ৰঙিয়াৰ পংকজ ডেকাৰ নেতৃত্বত সৰ্বমুঠ এশজনতকৈও অধিক সংখ্যকে কংগ্ৰেছত যোগ দিয়ে।

Recent News

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

শত্ৰুৰ ড্ৰোনৰ অৱস্থা আকাশতে হ’ব তথৈবচ! ভাৰতৰ ‘ভাৰ্গৱস্ত্ৰ’ৰ বাবে কঁপিছে পাকিস্তান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd