ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে কয়, ‘ধৰ্ম প্ৰতিষ্ঠা’ বা ‘ধৰ্মৰ সুৰক্ষা’ সকলো ধৰ্মৰ ওপৰত। এই জ্ঞানেৰেহে বিশ্ব শান্তি বজাই ৰাখিব পৰা যাব। পাকিস্তান বা বাংলাদেশৰ নাম নোলোৱাকৈয়ে ভাগৱতে কয় যে ভাৰতে এসময়ত ভাৰতৰ অংশ হৈ থকা দেশসমূহৰ সৈতে বিশেষকৈ আমাৰ চুবুৰীয়া দেশসমূহৰ সৈতে মিলাপ্ৰীতিৰে জীয়াই থকাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে। সংঘৰ সংযুক্ত ভাৰতৰ সুপৰিচিত আৰু প্ৰাচীন মানচিত্ৰত পাকিস্তান, আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু তিব্বত আদি অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এই ভাষণত মোহন ভাগৱতে পৌৰাণিক সাহিত্যত উল্লেখ কৰা আৰ্য সভ্যতাৰ সময়ত এক সংযুক্ত ভাৰতৰ একত্ৰীকৰণৰ কথা পোনপটীয়াকৈ কোৱা নাছিল।
সংঘৰ মুৰব্বীগৰাকীয়ে আৰএছএছৰ শতবাৰ্ষিকী উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰ দ্বিতীয় দিনটোত এই মন্তব্য কৰে। তেওঁ কয় যে চুবুৰীয়াৰ সৈতে সু-সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয়। আৰু প্ৰয়োজন হ’লে ভাৰতে এই কামত প্ৰথম পদক্ষেপ ল’ব পাৰে। সংঘই কেইবাখনো বিদেশী দেশকো এই শতবাৰ্ষিকী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। মন কৰিবলগীয়া যে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতি কাৰ্যকৰী হোৱাৰ দিনা এই অনুষ্ঠানত ৰাছিয়া আৰু চীনৰ প্ৰতিনিধি উপস্থিত আছিল। কিন্তু পাকিস্তান, বাংলাদেশ আৰু তুৰস্কক সংঘই নিমন্ত্ৰণ কৰা নাছিল।
ৰাষ্ট্ৰ ধৰ্ম পালনৰ বাৰ্তা দি ভাগৱতে কয় যে, ‘ধৰ্ম আৰু সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি সম্পৰ্ক গঢ়ি তুলিব নোৱাৰি। ইয়াত ধৰ্ম পালন সকলো ধৰ্মৰ ওপৰত। ভাৰতৰ মতাদৰ্শ, আমাৰ সংস্কৃতি আৰু আমাৰ দৰ্শন, জ্ঞান আৰু বিজ্ঞান বিদেশত বিয়পিব লাগিব। আমাৰ দিগন্ত আৰু বহল কৰাটো গুৰুত্বপূৰ্ণ। আৰু এই কামৰ প্ৰথম পদক্ষেপ হ’ল চুবুৰীয়া দেশসমূহ। আমাৰ চুবুৰীয়া দেশসমূহৰ অধিকাংশই এসময়ত ভাৰতৰ অংশ আছিল।’
সংঘৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতৰ প্ৰথম কৰ্তব্য হ’ব লাগে আমাৰ নিজৰ জনগোষ্ঠীৰ সৈতে আমাৰ মত বিনিময় কৰা। এই দেশবোৰ বেলেগ হ’ব পাৰে, কিন্তু মূল্যবোধ আৰু পৰম্পৰাৰ ভেটি একে। গতিকে তেওঁলোকেও আগবাঢ়ি যাওক আৰু ভাৰতে এই কামত হাত আগবঢ়াব লাগে। সংঘৰ শতবাৰ্ষিকী অনুষ্ঠানত বিভিন্ন দেশৰ ৫৫ জন দূত উপস্থিত থাকে। ১০ জনৰো অধিক ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত আৰু অন্যান্য দূত উপস্থিত থাকে।