• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰফুল্ল কুমাৰ মহন্তলৈ সাৱধানবাণী সভাপতি অতুল বৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2019 10:16 am
Atul Bora & P K Mahanta
1.6k
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰে পুনৰ মিত্ৰতা কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত বহন কৰিছে আঞ্চলিক দলটোৰ নেতৃত্বই। যিকোনো মূহুৰ্ততে দলে অগপৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ বিৰুদ্ধে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি বুধবাৰে দলৰ সভাপতি অতুল বৰাৰ মন্তব্যত স্পষ্ট হৈ পৰে।

শেহতীয়াকৈ প্ৰফুল্ল কুমাৰ মহন্তই তেজপুৰত সাংবাদিকৰে হোৱা কথা বতৰাত ৰাজ্যসভাৰ আসনক লৈ আওপকীয়াকৈ পুনৰ এবাৰ অতুল বৰা আৰু তেওঁৰ সহযোগী সকলক কটাক্ষ কৰিছিল। মহন্তৰ এনে কটাক্ষৰ পাছতেই ধৈৰ্য্যৰ বান্ধ ছিঙা পৰিলক্ষিত হৈছে বৰ্তমানৰ সভাপতি অতুল বৰাৰ।

বুধবাৰে তেজপুৰত অনুষ্ঠিত অগপৰ পৰ্যালোচনা সভাৰ পাছতে সভাপতি বৰাই সাংবাদিকৰ আগত মহন্ত সন্দৰ্ভত মত ব্যক্ত কৰি কয়, ‘সকলো দলতে ভিন্ন ধৰণৰ মানুহ থাকে। এজন মানুহক লৈ দল নহয়। দলৰ উৰ্ধত কোনো নহয়, প্ৰফুল্ল মহন্তও নহয় অতুল বৰাও নহয়’।

‘দলৰ শৃংখলা সকলোৱে মানিব লাগিব, আৰু মানি চলা উচিত। নহ’লে দলে নিজৰ লাইন ল’ব’ বুলি দলৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ জৰিয়তে এক প্ৰকাৰ সকীয়নি প্ৰদান কৰা দেখা যায় প্ৰফুল্ল মহন্তক।

ইয়াৰ উপৰি সভাপতি বৰাই প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ কৰ্তৃত্বক লৈ প্ৰশ্ন উত্থাপন কৰি বিগত সময়ত মহন্তৰ নেতৃত্বত অগপৰ ধাৰাবাহিক বিপৰ্যয় হোৱা বুলিও মহন্তক মনত পেলাই দিয়ে।

উল্লেখ্য যে ‘কেব’ বিৰোধী স্থিতিত অটল প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তৰ শেহতীয়া স্থিতিয়ে স্বাভাৱিকতে অশ্বস্তিত পেলোৱা পৰিলক্ষিত হৈছিল অগপ দলটোক। লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীক সহযোগিতা নকৰাৰ উপৰি সংবাদ মাধ্যমৰ জৰিয়তে মহন্তই তীব্ৰ সমালোচনা কৰিছিল অগপ-বিজেপিক। তদুপৰি দুবাৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰাও বিৰত আছিল।

এতিয়া কথা হ’ল অহা ১৪ আৰু ১৫ মে’ত অগপই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ বৈঠক আহ্বান জনাইছে। উক্ত বৈঠকতে প্রফুল্ল কুমাৰ মহন্তৰ বিৰুদ্ধে নেতৃত্বই কঠোৰ সিদ্ধান্ত ল’ব পাৰে বুলি বিভিন্ন জনৰ মনত প্ৰশ্নৰ উদ্ৰেগ ঘটিছে।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd