দক্ষিণৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু। অৱশ্যে ‘দ্য ফেমিলি মেন’ আৰু ‘পুষ্পা’ৰ আইটেম গীত ‘উ অন্থাভা’ৰ পিছতে সৰ্বভাৰতীয় স্বীকৃতি লাভ কৰে অভিনেত্ৰীগৰাকীয়ে। কিন্তু ‘পুষ্পা’ৰ সময়ৰ পৰাই তেওঁৰ ব্যক্তিগত জীৱনে বহু উত্থান-পতনৰ মাজেৰে পাৰ হৈ আহিছে।
অভিনেতা স্বামী নগা চৈতন্যৰ সৈতে বিবাহ বিচ্ছেদ ঘটিছে। দীৰ্ঘদিন ধৰি তেওঁ মাইঅ’চাইটিছ বা পেশীৰ প্ৰদাহত আক্ৰান্ত হৈ আছে। অসুস্থতাৰ বাবে তেওঁ সদ্যহতে অভিনয়ৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। অৱশ্যে তেওঁৰ ছ’চিয়েল মিডিয়া পেজত প্ৰৱেশ কৰিলে সেই কথা বুজা টান।
দেখা গৈছে কেতিয়াবা নায়িকাগৰাকীয়ে নিজৰ চেহেৰা সলনি কৰি সাগৰৰ পাৰত ঘুৰি ফুৰিছে, কেতিয়াবা পাহাৰত ঘুৰিছে। এইবাৰ আৰম্ভ হৈছে তেওঁক লৈ নতুন জল্পনা-কল্পনা, তেওঁ হেনো ৰাজনীতিত যোগদান কৰিবলৈ ওলাইছে!
২০০৩ চনৰ পৰা অভিনয় জীৱনত বহু সময় কটাইছে সামান্থাই। এইবাৰ তেওঁ ৰাজনীতিত যোগদান কৰাৰ গুঞ্জন। সামন্থাই সদায় তেলেংগানাৰ কৃষকৰ পক্ষত থিয় দি আহিছে। সেই ৰাজ্যৰ হস্তশিল্পী আৰু তাঁতশিল্পীৰ হৈও তেওঁ মাত মতা দেখা গৈছে। এইবাৰ শুনা গৈছে যে সামন্থাই ৰাজনৈতিক দল ভাৰতীয় ৰাষ্ট্ৰ সমিতিৰ হৈ প্ৰচাৰ চলাব। অৱশ্যে সামান্থাই এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই।
কামৰ পৰা আঁতৰত থকাৰ পিছতো অভিনেত্ৰীগৰাকী এতিয়াও ফিটনেছৰ প্ৰতি সচেতন। তেওঁ বিভিন্ন সময়ত শৰীৰচৰ্চা ছবি আৰু ভিডিঅ’ পোষ্ট কৰে। শেহতীয়াকৈ তেওঁৰ পৰিৱৰ্তনক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। কিছুমানে আকৌ শাৰীৰিক অসুস্থতাৰ বাবে অভিনেত্ৰীগৰাকীয়ে নিজৰ চেহেৰা সলনি কৰিলে নেকি বুলিও প্ৰশ্ন কৰিলে? তেওঁক দেখি কোনোমতে বুজিব নোৱাৰি যে তেওঁ এক কষ্টকৰ সময়ৰ মাজেৰে পাৰ হৈ গৈছে।
সামান্থাই কেইবাখনো তামিল, তেলেগু আৰু হিন্দী ছবিৰ বাবে লোৱা অগ্ৰিম ধন ঘূৰাই দিছে। এতিয়া সামন্থাই প্ৰতিখন ছবিৰ বাবে সাড়ে তিনিৰ পৰা চাৰি কোটি টকা লয়। বাতৰি মতে, সামান্থাই জিৰণি লোৱাৰ বাবে তিনিখন ছবিৰ কাম এৰি দিছে। শেহতীয়াকৈ মুক্তি পাইছে তেওঁৰ ছবি ‘কুশী’। এই ছবিখনে বক্স অফিচতো সফলতা লাভ কৰিছে। যদিও সামন্থাই ঠিকমতে সময় দিব নোৱাৰাৰ বাবে এই ছবিখনত নিজৰ পাৰিশ্ৰমিকৰ এক কোটি টকা ঘূৰাই দিছে।