অসমৰ জোৱান নিহতক লৈ উৰা-বাতৰিত ভাৰাক্ৰান্ত ছ’চিয়েল মিডিয়া; জীয়াই থকা বুলি স্পষ্টীকৰণ জোৱানৰ

সত্যতা পৰীক্ষা নকৰা বাতৰিৰে বিভ্ৰান্তিৰ সৃষ্টি; চহিদ সজাই প্ৰণাম জনালে জীৱিত জোৱানৰ ফটোত

Mizang Basumatary and Pabitra

জম্মু আৰু কাশ্মীৰৰ ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত অসমৰ জোৱান নিহতক লৈ উৰা-বাতৰিয়ে ভাৰাক্ৰান্ত কৰি তুলিছে মৃত্যু হোৱা বুলি প্ৰচাৰিত অথচ জীৱিত অসমৰ জোৱানকেইজনক। লগতে এইবোৰ বিশ্বাসযোগ্যতা পৰীক্ষা নকৰাকৈ এৰি দিয়া বাতৰিয়ে তেওঁলোকৰ পৰিয়াল আৰু সামগ্ৰিকভাৱে অসমৰ ৰাইজকো বিভ্ৰান্ত কৰিছে।

১৪ ফেব্ৰুৱাৰিত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণটোৰ পিছত ম’বাইল ছুইচ্ছ অফ হৈ থকা কাৰণেই পবিত্ৰ বৰ্মন নামৰ এজন জোৱানক ঘটনাটোত মৃত্যু হোৱা বুলি ধৰি লৈ লৰালৰিকৈ বাতৰি পৰিৱেশন কৰিছিল অসমৰ কিছু সংখ্যক সংবাদ মাধ্যমে। এই কথা জানিব পাৰি পবিত্ৰ বৰ্মনে ৰাতিলৈ নিজৰ ফেচবুকত ষ্টেটাছ দি জনায় যে তেওঁ জীয়াই আছে।

পবিত্ৰ বৰ্মনৰ উপৰি মিজাং বসুমতাৰী নামৰ আন এজন জোৱানো নিহত হোৱা বুলি বাতৰি দিয়ে একাংশ সংবাদ মাধ্যমে। তেওঁৰ ফটো দি ফেচবুকত চহিদ ঘোষণাৰে প্ৰণামো যাচে।

পিছে আজি এটা ফেচবুক ষ্টেটাছত ইয়াক ফেক নিউজ বুলি জানিবলৈ দিয়ে মিজাঙে। প্ৰকৃততে বিস্ফোৰিত গাড়ীখনত থকা জোৱানসকলৰ নামৰ তালিকাখনত এম বসুমতাৰী নামটো দেখিয়েই কোনো সত্যতা পৰীক্ষা নকৰাকৈ বাতৰি পৰিৱেশন কৰা বাবেই এই ভুলটো হয়। কিন্তু সেয়া মিজাং বসুমতাৰী নহয়, মনেশ্বৰ বসুমতাৰীহে। মনেশ্বৰ বসুমতাৰীৰহে মৃত্যু হৈছে।

আনহাতে বিস্ফোৰণটোত মৃত্যু হোৱা বুলি বৰকৈ চৰ্চিত পবিত্ৰ বসুমতাৰী নামৰ জোৱানজনৰ মৃত্যু হোৱা নাই বুলি এটা বিশেষ সূত্ৰৰ আঁত ধৰি নিশ্চিত বাতৰি দিছিল নৰ্থ-ইষ্ট নাও-এ। কিন্তু উক্ত বাতৰিটোত চি আৰ পি এফৰ বাছৰ উক্ত কনভয়টোৰ মাজৰে এখন বাছত তেওঁ আছিল বুলি কোৱা কথাটো সত্য নহয়। তেওঁৰ কৰ্তব্যস্থান অন্য এঠাইতহে আৰু তেওঁ নিৰাপদে আছে বুলি আজি নিজৰ ফেইচবুক পোষ্টত জনায় জোৱানজনে।

আন ৩জন জোৱান অনন্ত শইকীয়া, দেৱাশিস গোহাঁই আৰু নাছীৰ আহমেদৰ মৃত্যু হোৱা বুলিও বাতৰি ওলাই আছে যদিও সেয়া নিশ্চিত তথ্য নহয়।

সত্যতা পৰীক্ষা নকৰাকৈ খৰখেদাকৈ পৰিৱেশন কৰা এনে বাতৰিত অতিষ্ঠ লোকক ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে।

উল্লেখযোগ্য যে অসমৰ জোৱানৰ মৃত্যু সম্পৰ্কত অসম আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য দাঙি ধৰা নাই। মনেশ্বৰ বসুমতাৰীৰ মৃত্যু হোৱাৰ খবৰ পৰিয়ালৰ পৰা পোৱা গৈছে।