ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: সাময়িক যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ

Russia-Ukraine War

যুদ্ধৰ দাবানলৰ মাজতে আজি ইউক্ৰেইনত সাময়িক যুদ্ধবিৰতি ঘোষণা কৰিছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে।

ইউক্ৰেইনৰ মাৰিঅ’পোল আৰু ভলনোভাকা চহৰৰ পৰা সাধাৰণ নাগৰিকক স্থানান্তৰিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি মানৱীয় কৰিডৰ নিৰ্মাণৰ উদ্দেশ্যে সাময়িক যুদ্ধবিৰতিৰ ঘোষণা কৰিছে ৰাছিয়াই।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ঘোষণা মতে মস্কোৰ সময় অনুসৰি পুৱা ১০:০০ বজাৰ পৰা ৰাছিয়াই যুদ্ধবিৰতি ঘোষণা কৰিছে আৰু মাৰিঅ’পোল আৰু ভলনোভাকা চহৰৰ জনসাধাৰণক চহৰ এৰি যাবলৈ মানৱীয় কৰিডৰ মুকলি কৰিব।

উল্লেখ্য যে মাৰিঅ’পোল এখন মুখ্য বন্দৰ চহৰ আৰু কেইবাদিনো ধৰি ৰাছিয়াৰ সৈন্য বাহিনীয়ে চহৰখন দখল কৰি ৰাখিছে।

আনহাতে আনখন চহৰ ভলনোভাকাতো দুয়োপক্ষৰ মাজত যুদ্ধ অব্যাহত আছে।