বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ ৰাছিয়াই ইউক্ৰেইনত যোৱা বৃহস্পতিবাৰে পুৱাৰে পৰা সামৰিক আক্ৰমণ চলাইছে। ৰাছিয়া-ইউক্ৰেইনৰ এই যুদ্ধক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ ডাঙৰ সংঘাত বুলি কোৱা হৈছে।
বিগত চাৰিদিন ধৰি ইউক্ৰেইনত চলি থকা এই যুদ্ধত ৪৩০০তকৈয়ো অধিক ৰুছ সেনা নিহত হোৱা বুলি ইউক্ৰেইনে দাবী কৰিছে।
আনহাতে, ৰাছিয়াই এতিয়ালৈকে ইউক্ৰেইনৰ এই দাবীৰ সত্যাসত্য সম্পৰ্কত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
তাৰমাজতে ইউক্ৰেইনত নিহত তথা বন্দী ৰুছ সেনাৰ তথ্য প্ৰদান কৰা ‘ইচছি চোভাইক’ নামৰ ৱেবছাইটো ৰাছিয়াই বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে। বিবিচিৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে।
লগতে পঢ়ক: শ্ৰীলংকাক তিনিওখন মেচতে হৰুৱাই টী-২০ শৃংখলা দখল কৰিলে ভাৰতে; শৃংখলাৰ শ্ৰেষ্ঠ শ্ৰেয়াস
প্ৰতিবেদন অনুসৰি, যুদ্ধত বন্দী আৰু নিহত ৰুছ সেনাৰ তথ্য প্ৰদান কৰা ‘ইচছি চোভাইক’ নামৰ ৱেবছাইটটো ইউক্ৰেইন কৰ্তৃপক্ষই আৰম্ভ কৰিছিল। তাত যুদ্ধত নিহত আৰু বন্দী সেনাৰ তথ্যৰ লগতে ছবিও প্ৰকাশ কৰা হৈছিল।
উক্ত ৱেবছাইটটো ৰাছিয়াৰ সংশ্লিষ্ট কৰ্তপক্ষই দেশখনত বন্ধ কৰি দিছে যাতে দেশৰ জনসাধাৰণে এই তথ্য চাব নোৱাৰে।
উল্লেখ্য যে শনিবাৰে ইউক্ৰেইনৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ৱেবছাইট আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।